দ’ খাৱৈত বাগৰিল বাছঃ থিতাতে নিহত ৮ জন, আহত ১০ জন…

দ’ খাৱৈত বাগৰিল বাছঃ থিতাতে নিহত ৮ জন, আহত ১০ জন…

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জন্মু কাশ্মীৰৰ ডোডাত। থাথ্ৰিৰ পৰা ডোডালৈ যাত্ৰা কৰা এখন বাছ খাৱৈত পৰি যোৱাৰ ফলত বাছ খনত থকা ৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ১০ জন লোক। জানিব পৰা মতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকসকলে দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

আৰক্ষী আৰু সেনাৰ জোৱানসকলে ঘটনাস্থলীত উপস্থিত হৈ একেলগে উদ্ধাৰ কাৰ্য চলাইছে। ঘটনাত আহতসকলক সেনা জোৱানসকলে চিকিৎসালয়ত ভৰ্তি কৰিছে। এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে, "মই ডোডাৰ উপায়ুক্ত বিকাশ শৰ্মাৰ সৈতে কথা পাতিছো। আহতসকলক ডোডা জিএমচিলৈ স্থানান্তৰ কৰা হৈছে। তেওঁলোকক যি সহায়ৰ প্ৰয়োজন সেই সহায় প্ৰদান কৰা হ'ব।

ইফালে এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কৈছে যে, এইটো এটা দুখৰ সময়। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আহত সকলৰ দ্ৰুত আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in