শিখৰৰ স্থান ল’বলৈ লণ্ডনলৈ যাব পাৰে ঋষভ পন্ট

শিখৰৰ স্থান ল’বলৈ লণ্ডনলৈ যাব পাৰে ঋষভ পন্ট

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে দুঃখবৰ। ইংলেণ্ডত ভাৰতৰ জয়ৰ যাত্ৰা অব্যাহত থাকিলেও আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছে নিৰ্ভৰযোগ্য অপেনাৰ শিখৰ ধাৱান। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা খেলত আঘাতপ্ৰাপ্ত হোৱা ধাৱানৰ স্থানত দলত অন্তৰ্ভূক্ত হ'ব পাৰে ঋষভ পন্ট।

অৱশ্যে পৰৱৰ্তী খেলত অংশ ল'ব নোৱাৰিলেও ইংলেণ্ডতে থাকিব শিখৰ ধাৱান। বিচিচিআইয়ে ইতিমধ্যে লণ্ডনলৈ যিকোনো মুহূৰ্ততে যাবলৈ পন্টক সাজু হৈ থাকিবলৈ কোৱালৈ চাই শিখৰ ধাৱানৰ স্থানত তেওঁকেই ভাৰতীয় বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা খেলখনত শতক অৰ্জন কৰিছিল শিখৰ ধাৱানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in