ইংলেণ্ডত টীম ইণ্ডিয়াৰ বিৰুদ্ধে থিয় দিছে ৪ সতীৰ্থই….

ইংলেণ্ডত টীম ইণ্ডিয়াৰ বিৰুদ্ধে থিয় দিছে ৪ সতীৰ্থই….

ডিজিটেল ডেস্কঃ আই পি এল নহয় এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধেই অৱতীৰ্ণ হ'ব মেচত। ভাৰতীয় ক্ৰিকেট দলৰ ৪ গৰাকীকৈ নিয়মীয়া খেলুৱৈয়ে ভাৰতৰ বিৰুদ্ধে খেলিব ক্ৰিকেট। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে উৎসুকতা।

ইংলেণ্ডৰ মাটিত ভাৰতৰ বিপক্ষে খেলিব ৪ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে। এই ৪ গৰাকী ক্ৰিকেটাৰৰ মাজত আছে টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰা, য়ৰ্কাৰ কিং যশপ্ৰীত বুমাহ, ছিক্সাৰ কিং তথা ভাৰতীয় দলৰ নিয়মীয়া উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট আৰু নৱাগত প্ৰসিদ্ধ কৃষ্ণ।

ভাৰতীয় টেষ্ট দলটোত নৱাগত প্ৰসিদ্ধক বাদ দি বাকী ৩ গৰাকী ক্ৰিকেটাৰৰ ভূমিকা কিমান সেয়া ক্ৰিকেট অনুৰাগীয়ে ভালকৈ জানে। চেতেশ্বৰ পূজাৰা আৰু ঋষভ পণ্টৰ যুটীয়ে ভাৰতক কিদৰে ঐতিহাসিক বিজয়ৰ আনন্দত মতলিয়া হোৱাৰ সুযোগ দিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বিজয়ত পূজাৰা আৰু পণ্টৰ ভূমিকা উল্লেখৰ নিস্প্ৰয়োজন।

ভাৰতীয় দলটোৰ বেটিং আৰু বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ এই ৪ খেলুৱৈয়ে ভাৰতীয় দলটোৰ বিপক্ষে খেলাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে সৃষ্টি হোৱা উৎসুকতাৰ মাজতে প্ৰকাশ হৈছে ইয়াৰ আঁৰৰ কাৰণ।

অহা ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ মাটিত ভাৰতীয় টেষ্ট দলটোৱে ইতিমধ্যে স্থগিত হৈ থকা পঞ্চম টেষ্টখন খেলিব। ইয়াৰ পূৰ্বে আজিৰ পৰা ইংলেণ্ডৰ কাউণ্ট্ৰি ক্ৰিকেট ক্লাৱ লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে চাৰিদিনীয়া ৱাৰ্ম-আপ মেচত ভাগ ল'ব ভাৰতে।

এই মেচখনতে লিচেষ্টাৰশায়াৰৰ হৈ অংশ ল'ব পূজাৰা, পণ্টকে ধৰি এই চাৰি ক্ৰিকেটাৰে। অনুশীলনৰ বাবেই ইংলেণ্ডৰ কাউণ্ট্ৰি ক্ৰিকেট ক্লাব লিচেষ্টাৰশায়াৰ দলত চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণক অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, ভাৰতীয় টেষ্ট দলৰ নৱনিযুক্ত অধিনায়ক ৰোহিত শৰ্মাই লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে ৱাৰ্ম-আপ মেচখনত ভাৰতীয় দলটোক নেতৃত্ব দিব। ঋষভ পণ্টৰ অনুপস্থিতিত কে এছ ভৰতে ভাৰতীয় দলৰ উইকেট কীপাৰৰ ভূমিকা পালন কৰিব।

ৱাৰ্ম আপ মেচৰ বাবে ঘোষিত ভাৰতীয় দলটো হ'ল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, হনুমা বিহাৰী, কে এছ ভৰত, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু উমেশ যাদৱ।

আনহাতে লিচেষ্টাৰশায়াৰ ক্লাৱৰ বাবে ঘোষিত দলটো হ'ল- ছেম ইভান্স (অধিনায়ক), ৰেহান আহমেদ, ছেম বেটছ, নাট বাউলি, উইল ডেভিছ, জোই এভিচন, লুই কিম্বাৰ, আবি চাকান্দে, ৰোমান ৱাকাৰ, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in