ৰিপুন বৰাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰকঃ নুৰজামাল সৰকাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বিশ্বনাথঃ সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপিৰ বিৰুদ্ধে যুঁজ দি মুখ থেকেচা খাইছে কংগ্ৰেছে। ৰাজ্যখনৰ কেইটামান নিৰ্দিষ্ট এলেকাৰ বাহিৰে বাকীবোৰত কংগ্ৰেছৰ বিফলতাৰ পিছতে অসমত কংগ্ৰেছৰ সৱল নেতৃত্বৰ অভাৱতে পঞ্চায়ত নিৰ্বাচনত দলটোৱে এনে প্ৰদৰ্শন কৰা বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰিছে।

আনহাতে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছৰ পৰাজয়ৰ মূল কাৰণ উচিত নেতৃত্বৰ অভাৱ বুলি দাবী কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল সৰকাৰে। শুকুৰবাৰে বিশ্বনাথত এক সংবাদমেল আয়োজন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ দাবী জনায়। তেওঁ কয় যে- 'যিজন কংগ্ৰেছ সভাপতিয়ে নিজৰ সমষ্টিত কংগ্ৰেছৰ ভেটি সবল কৰিবলৈ সক্ষম নহ'ল, সেইজন সভাপতিয়ে সমগ্ৰ ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্ব বহন কৰাটো অযুক্তিকৰ। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰিপুন বৰাই পদত্যাগ কৰা উচিত।'

সৰকাৰৰ ভাষ্য অনুসৰি ৰিপুন বৰাই পুৰণি আৰু নতুন কংগ্ৰেছ কৰ্মী সকলক একগোট কৰিব পৰা নাই বাবেই কংগ্ৰেছ আজি বিধস্ত হৈছে৷ ৪০ বছৰ ধৰি কংগ্ৰেছ দলত সক্ৰিয় হৈ থকাৰ লগতে ৩বাৰকৈ মন্ত্ৰী পদত অধিষ্ঠিত হোৱা নুৰজামাল সৰকাৰক এঘৰীয়া কৰি ৰিপুন বৰাই চৰম অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰে তেওঁ।

আনকি নুৰজামাল সৰকাৰৰ নিজৰ ৱাৰ্ডৰ প্ৰাৰ্থীজন নিৰ্বাচন কৰিবলৈও তেওঁক ৰিপুন বৰাই কৰ্তৃত্ব প্ৰদান নকৰা বুলিও অভিযোগ উত্থাপন কৰে সৰকাৰে। লগতে বিশ্বনাথৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ অহা ৰিপুন বৰাই এবাৰলৈ তেওঁক নিবিচাৰিলে বুলিও খেদ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। কিন্ত সমগ্ৰ অসমত কেৱল সংখ্যালঘু অঞ্চলতহে আজি কংগ্ৰেছৰ উত্থান হৈছে আৰু সেয়া সম্ভৱ হৈছে কেৱল সংখ্যালঘু নেতাসকলৰ তৎপৰতাত বুলি দাবী কৰে তেওঁ৷

আনহাতে সংবাদ মেলত কংগ্ৰেছৰ নেতৃত্ব বহন কৰা ৰিপুন বৰাই আন আন জনজাতি সম্প্ৰদায়ৰ মাজত কংগ্ৰেছৰ উত্থান কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ কৰে নুৰজামাল সৰকাৰে। ৰিপুন বৰাৰ ছত্ৰছায়াতেই প্ৰাৰ্থীৰ পৰা ধন লৈ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই ঘৰ নিৰ্মাণ কৰি আছে বুলিও তেওঁ অভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in