আৰ জি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেটৰ চূড়ান্ত খেল, সাদিন-প্ৰতিদিন গোষ্ঠীক হৰুৱাই প্ৰাগ নিউজৰ খিতাপ দখল

আৰ জি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেটৰ চূড়ান্ত খেল, সাদিন-প্ৰতিদিন গোষ্ঠীক হৰুৱাই প্ৰাগ নিউজৰ খিতাপ দখল

ডিজিটেল সংবাদ, গুৱাহাটীঃ যোৱা ৩০ ডিচেম্বৰ, ২০১৯ৰ পৰা মহানগৰীৰ জজ খেলপথাৰত অনুষ্ঠিত আৰ জি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে প্ৰাগ নিউজ আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ মাজত অনুষ্ঠিত হয়। এক ৰোমাঞ্চকৰ পৰিস্থিতিৰে গতি কৰা খেলখনত অৱশেষত প্ৰাগ নিউজে ২৯ ৰানত পৰাস্ত কৰে সাদিন প্ৰতিদিন গোষ্ঠীক।

পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় প্ৰাগ নিউজৰ দলটোৱে। খেলখনৰ প্ৰথমাৰ্ধতে দলটোৱে ৩টাকৈ উইকেট হেৰুৱাই বিপদত পৰে যদিও দলটোৰ মিডল অৰ্ডাৰ বেটছমেনসকলে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। যাৰ বাবে দলটোৱে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই সাদিন প্ৰতিদিন গোষ্ঠীৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰাগ নিউজে বান্ধি দিয়া লক্ষ্যৰ পিছা কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ দলটোৱে ক্ৰিজত নামে যদিও আজি দলটোৰ বেটছমেন সকলে সফল প্ৰদৰ্শনত ব্যৰ্থ হয়। আনহাতে প্ৰাগ নিউজৰ বলাৰৰ দুৰ্দান্ত বলৰ সন্মুখত এটা এটাকৈ ছন্দপতন ঘটে উইকেটৰ। যাৰ ফলত মাত্ৰ ৯২ ৰানতে সাদিন প্ৰতিদিন গোষ্ঠীয়ে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰি ল'বলগা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in