হাইলাকান্দিৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ, সন্ধিয়া সম্পন্ন হ’ব ভোটগণনা

হাইলাকান্দিৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ, সন্ধিয়া সম্পন্ন হ’ব ভোটগণনা

ডিজিটেল সংবাদ, হাইলাকান্দিঃ ভোট গণনাৰ সময়ত বেলট পেপাৰৰ বিসংগতি ধৰা পৰাৰ পিছতে শনিবাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় হাইলাকান্দিৰ শ্যামপুৰ এম ই ইনষ্টিটিউট ভোটকেন্দ্ৰত৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণক লৈ ভোটগ্ৰহণ কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ আবেলি ৩ বজালৈ অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ৷

ইফালে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত সন্ধিয়া ৬ বজাৰ পৰা হাইলাকান্দি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোটগণনা কাৰ্য সম্পাদন হ'ব বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগে জানিবলৈ দিয়ে৷ ভোটগ্ৰহণৰ সময়ত পুৱাৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in