গৱেষক-সাহিত্যিক ড০ শিৱনাথ বৰ্মন‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ আৰু পদ্মশ্ৰী বীৰুৱালা ৰাভাক ‘হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা’ প্ৰদান…

গৱেষক-সাহিত্যিক ড০ শিৱনাথ বৰ্মন‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ আৰু পদ্মশ্ৰী বীৰুৱালা ৰাভাক ‘হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা’ প্ৰদান…

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ অন্যতম কাণ্ডাৰী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আজি ১২৫সংখ্যক মৃত্যু তিথি। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বঁটা প্ৰদান অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ এই বটাঁ প্ৰদান অনুষ্ঠানটিত বহুকেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ কৰা প্ৰয়োজন যে, 'ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা' আৰু 'হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা' দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। এই বঁটা এইবাৰ প্ৰদান কৰা হয় ড০ শিৱনাথ বৰ্মন আৰু বীৰুৱালা ৰাভাক। ড০ শিৱনাথ বৰ্মনক প্ৰদান কৰা হয় ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা আৰু বীৰুৱালা ৰাভাক প্ৰদান কৰা হয় হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ মৌজই দুয়োগৰাকীকে এই বটাঁ প্ৰদান কৰে।আদৰণি ভাষণ প্রদান কৰি প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই কয়, ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ আদৰ্শ অনুকৰণ কৰিয়েই অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিবৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো। হেমকোষৰ পৰা আদি কৰি শেহতীয়াকৈ বেইলী পদ্ধতিত এখনি অভিধান প্ৰকাশৰো আমি দিহা কৰিছো।অনুষ্ঠানটিত জয়ন্ত বৰুৱাই বেইলী অভিধানৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হোৱাৰ কথাও সদৰি কৰে।

'ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা' গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক শিৱনাথ বৰ্মনে অনুভৱ ব্যক্ত কৰি কয়, মই দুই-চাৰিটা বটাঁ আগতেও পাইছো, কিন্তু এইটো বটাঁই মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। কিয়নো ইয়াৰ সৈতে জড়িত হৈ আছে ওজা হেমচন্দ্ৰ বৰুৱাৰ নাম। অসমীয়া ভাষালৈ ভাষাৰ ওজাগৰাকীৰ অৱদান অতুলনীয়। অনুষ্ঠানৰ উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছো।

ইফালে বঁটা গ্রহণ কৰি পদ্মশ্রী বীৰুবালা ৰাভাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই পদক্ষেপক শলাগ লৈ কয়, জয়ন্ত বুৰৱাক মই এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। অনুষ্ঠানত উপস্থিত সুধীবৃন্দলৈও শুভেচ্ছা জ্ঞাপন কৰিছো। এনে বটাঁই কাম কৰি যোৱাত প্ৰেৰণা প্ৰদান কৰে।

অনুষ্ঠানটিত মঞ্চত উপৱিষ্ট কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশচন্দ্ৰ গোস্বামীয়েও তেওঁৰ ভাষণত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সামাজিক দায়ৱদ্ধতাক শলাগ লোৱাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা বৰঙণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্ঞানপীঠ বটাঁ বিজয়ী দামোদৰ মৌজই অসমৰ ভাষা-সাহিত্যৰ সন্দৰ্ভত বক্তব্য ৰাখে। হেমচন্দ্ৰ বুৰৱাৰ সাহিত্যকৃতিৰ সন্দৰ্ভতো আলোকপাত কৰে মৌজই।

অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় বিশিষ্টা সাহিত্যিক তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in