কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

ডিজিটেল সংবাদ, শিলচৰঃ ১ নম্বৰ কৰিমগঞ্জ সংসদীয় সমষ্টিৰ চাৰিটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে৷ সংসদীয় সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ কৰিমগঞ্জ  বিধানসভা সমষ্টিৰ চাৰিটা ভোট কেন্দ্ৰত অহা ২৪ এপ্ৰিলত অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণ। ভোটগ্ৰহণ কেন্দ্ৰ কেইটাত ব‍্যাপক বিসংগতি হোৱাৰ বাবে নিৰ্বাচন আয়োগে পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, সমষ্টিটোৰ ৪৬৭নং বাটৈয়া এল পি স্কুলৰ ১০৫ নং ভোট কেন্দ্ৰ আৰু ৩৬৪ নং, গন্ধৰ্বখানি এল পি স্কুলৰ ১৩৪ নং কেন্দ্ৰ দুটাত পৰিয়ালৰ এজন ব্যক্তিয়ে সকলোৰে ভোটদান কৰিছিল৷ ইয়াক লৈ নিৰ্বাচনৰ দিনা ভোট কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল৷ এজন লোকে আনৰ নামত ১৫ টাকৈ ভোটদান কৰা বুলি সংবাদ মাধ্যমত ছবিসহ বাতৰিও প্ৰকাশিত হৈছিল ৷

এই খবৰ প্ৰকাশ হোৱাৰ পিছতে জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়াই নিৰ্বাচনী আয়োগক বিষয়টো অৱগত কৰে ৷ ৰিটাৰ্নিং বিষয়াই দাখিল কৰা তথ্যৰ ভিত্তিত আয়োগে পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে, ৩৬৬ নং আতানগৰ এল পি স্কুলৰ ১৫২নং আৰু ১৫৩ ভোট কেন্দ্ৰ দুটা পৰিচয়পত্ৰ নোহোৱাকৈ কেৱল ভোটাৰ স্লীপ দেখুৱাই কেবাজনো ভোটাৰে ভোটাধিকাৰ সাৱস্ত কৰিছিল ৷ ফলত কেন্দ্ৰ দুটাত বেমেজালিৰ সৃষ্টি হৈছিল৷

ইফালে, ভোটদান প্ৰদানক কেন্দ্ৰ কৰি আইন শৃংখলা পৰিস্থিতিৰো অৱনতি ঘটিছিল৷ তদুপৰি, ভোটকেন্দ্ৰটোত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমদে বলপূৰ্বক ভাবে প্ৰবেশ কৰি মাইক্ৰ অবজাৰ্ভাৰ গৰাকীক অশ্ৰাব্য গালি গালাজ পাৰি মাৰিবলৈ উদ্যত হৈছিল বুলি অভিযোগ পোৱা গৈছিল৷ অৱশ্যে নিৰাপত্তা ৰক্ষীয়ে আহমেদক বাধাত দিয়াত কথমপি প্ৰাণ ৰক্ষা পৰিছিল মাইক্ৰ অবজাৰ্ভাৰ গৰাকীৰ । ইয়াৰ পিছতে ভোটকেন্দ্ৰটোত ভোট দান বন্ধ হৈ পৰে ৷

পিছত এই কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ভোট গ্ৰহণ হ'বলগীয়া কেন্দ্ৰ কেইটা হ'ল ১০৫ নং বাটইয়া এল পি স্কুল, ১৩৪ নং গন্ধৰ্বখানি এল পি স্কুল, ১৫২ নং আৰু ১৫৩ নং আতানগৰ এল পি স্কুল। ইফালে, মাইক্ৰ অবজাৰ্ভাৰক আক্ৰমণ কৰিবলৈ যোৱা প্ৰক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ এনে আচৰণৰ বিৰুদ্ধে জিলা ৰিটানিং বিষয়াই থানাত এটি গোচৰ ৰুজু কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in