নাৰায়ণপুৰত পৰাগ কুমাৰ দাসক সশ্ৰদ্ধ স্মৰণ…

নাৰায়ণপুৰত পৰাগ কুমাৰ দাসক সশ্ৰদ্ধ স্মৰণ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : নিৰ্ভীক,নিৰপেক্ষ সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৫ সংখ্যক মৃত্য তিথি ৷ ১৯৯৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ ৰাজগড় পথত আততায়ীৰ গুলীত নিহত হৈছিল সংবাদ জগতৰ স্পষ্টবাদী নিৰ্ভীক নিৰপেক্ষ সাংবাদিক গৰাকী ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় 'পৰাগ কুমাৰ দাস স্মৃতি ভৱন'তো নাৰায়ণপুৰৰ সংবাদকৰ্মীসকলে শ্ৰদ্ধাৰে সোঁৱৰে জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসক ৷

নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক,কবি কুমুদ শইকীয়াই প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰি অনাগত দিনত পৰাগ দাসৰ পদাংক অনুকৰণ কৰি সাংবাদিক সকলক সংবাদসেৱা আগবঢ়াই যোৱাৰ আহ্বান জনাই । কোভিড ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ আয়োজন কৰা স্মৃতি দিৱসৰ কাৰ্যসূচীত নাৰায়ণপুৰ অঞ্চলৰ কেবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in