সৰুপথাৰত চিকিৎসাকৰ্মীৰ মাজত ৰেডক্ৰছ চছাইটিৰ মাস্ক,টাৱেল, চাবোন বিতৰণ…

সৰুপথাৰত চিকিৎসাকৰ্মীৰ মাজত ৰেডক্ৰছ চছাইটিৰ মাস্ক,টাৱেল, চাবোন বিতৰণ…

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ নিজৰ জীৱনকো তুচ্ছ কৰি ভয়াবহ কোভিড-১৯ নিৰাময়ৰ লগত জড়িত সৰুপথাৰ অঞ্চলৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক শনিবাৰে সৰুপথাৰৰ পদুমনিস্থিত খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাকক্ষত ভাৰতীয় ৰেডক্ৰছ চছাইটি ধনশিৰি জিলা শাখাৰ অধ্যক্ষ পৰশু তামুলীৰ সভাপতিত্বত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ চছাইটি ধনশিৰি জিলা শাখাৰ তৰফৰ পৰা মাস্ক ,টাৱেল আৰু চাবোন আদি আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়।

অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জাভীৰ ৰাহুল সুৰেশ ,সহকাৰী আয়ুক্ত প্ৰাঞ্জিল গগৈ, চিকিৎসক ঘনশ্যাম ডেকা, ডাঃপ্ৰত্যাষা বৰঠাকুৰ ,বি পি এম মমী বাইলুং আদি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উক্ত অনুষ্ঠানত সৰুপথাৰ অঞ্চলৰ প্ৰায় ৭০ গৰাকী স্বাস্থ্য বিষয়া -কৰ্মচাৰীৰ মাজত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷

উল্লেখ্য যে ভাৰতীয় ৰেড ক্ৰছ চছাইটি ধনশিৰি জিলা শাখাই বিভিন্ন সময়ত আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়াই মহকুমাবাসীৰ প্ৰশংসা লাভ কৰিব কৰিছে৷ আজিৰ অনুষ্ঠানৰ আঁত ধৰে ভাৰতীয় ৰেডক্ৰছ চছাইটি ধনশিৰি জিলা শাখাৰ সম্পাদক দিলীপ কোঁৱৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in