বিদায় টিকটক…

বিদায় টিকটক…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে টিকটক নিষিদ্ধ কৰাক লৈ ছ'চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। একাংশ লোকে মন্তব্য কৰিছে- টিকটক নিষিদ্ধ কৰাৰ লগে লগে বহু প্ৰতিভাধাৰীয়ে তেওঁলোকৰ প্ৰতিভা প্ৰকাশৰ এখন মঞ্চ হেৰুৱাব।

উল্লেখযোগ্য যে, অসমতো টিকটক যথেষ্ট জনপ্ৰিয় আছিল। ৰাজ্যখনত টিকটক কৰা একাংশ যুৱক যুৱতীয়ে সন্মিলিত প্ৰচেষ্টাৰে একো একোখন মঞ্চ তৈয়াৰ কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ চেষ্টাৰ কৰিছিল। অসমত টিকটকৰ ভিডিঅ' প্ৰস্তুত কৰা কেইবাজনো যুৱক যুৱতী ইতিমধ্যে দৰ্শকৰ মাজত বিশেষ পৰিচয় লাভ কৰিছিল।

নিজস্ব ভংগীমাৰে নৃত্য, অভিনয়, কথোপকথনৰ জৰিয়তে দৰ্শকৰ পৰাও এই সকল টিকটক ব্যৱহাৰকাৰীয়ে সহাৰি লাভ কৰিছিল। টিকটক আছিল অসমত জনপ্ৰিয় এক এপ। টিকটক নিষিদ্ধ কৰা সন্দৰ্ভত অসমৰ এক জনপ্ৰিয় টিকটক ব্যৱহাৰকাৰীয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক কয়- টিকটৰ জৰিয়তে মই প্ৰতিষ্ঠা লাভ কৰিছিলো। চৰকাৰে টিকটক নিষিদ্ধ কৰি দিয়াত মোৰ যথেষ্ট বেয়া লাগিছে। কিন্তু চীনৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত এনে সিদ্ধান্ত লোৱাত মোৰ ক'ব লগা একো নাই।

ইফালে, বিউটী প্লাছ এপৰ জৰিয়তে বহু লোকে ছ'চিয়েল মিডিয়াত নিজৰ ফটোবোৰ সম্পাদন কৰি এই এপৰ জৰিয়তে আপলোড কৰিছিল। এতিয়া সেই এপ নিষিদ্ধ কৰাত বিউটী প্লাছ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীৰ মাজতো মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

আনহাতে, কেম স্কেনাৰ এপ নিষিদ্ধ কৰাত যথেষ্ট সংখ্যক লোক সমস্যাৰ সন্মুখীন হ'ব। কিয়নো কেম স্কেনাৰযোগেদি ম'বাইলৰ জৰিয়তে বিভিন্ন নথিপত্ৰ কম সময়ৰ ভিতৰত স্কেন কৰি আদান-প্ৰদান কৰাৰ সুবিধা লাভ কৰিছিল ব্যৱহাৰকাৰীসকলে। এই এপ নিষিদ্ধ কৰাত এনে নথিপত্ৰ তৎক্ষণাত স্কেন কৰি ম'বাইলযোগে প্ৰেৰণ কৰাত অসুবিধা হ'ব বুলি ব্যক্ত কৰিছে এজন ব্যৱহাৰকাৰীয়ে। কিন্তু সকলোতকৈ বেছি ব্যৱহাৰকাৰী আছিল টিকটক এপৰ। এই এপ নিষিদ্ধ কৰাত অসমৰো টিকটক ব্যৱহাৰকাৰীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in