৫ মাহত মাদ্ৰাছা-সংস্কৃত টোল বন্ধ হ’ব বুলি মন্ত্ৰীৰ ঘোষণা, এনে কাৰ্য সংবিধানৰ উলংঘন বুলি চৰ্চা…

৫ মাহত মাদ্ৰাছা-সংস্কৃত টোল বন্ধ হ’ব বুলি মন্ত্ৰীৰ ঘোষণা, এনে কাৰ্য সংবিধানৰ উলংঘন বুলি চৰ্চা…

ডিজিটেল ডেস্কঃ মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অহা ৫ মাহৰ ভিতৰতে ৰাজ্যত থকা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰি সেইবোৰৰ স্থানত হাইস্কুল তথা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব বুলি কৰা ঘোষণাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে এনে ঘোষণা কৰিলেও, কাৰ্যত এই কাম ব্যৱহাৰিকভাৱে কৰিবলৈ গ'লে সংবিধান উলংঘন কৰা হ'ব বুলিও যুক্তি দৰ্শাইছে একাংশই। কিয়নো সংবিধানৰ ২৮ আৰু ৩০ নং অনুচ্ছেদত যিকোনো ধৰ্মাৱলম্বী লোকক নিজ ধৰ্মৰ নীতি-নিয়ম পালন আৰু প্ৰয়োজনত সেই ধৰ্মাৱলম্বী লোকসকলে তেনে শিক্ষা প্ৰতিষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত দিয়া অধিকাৰ মন্ত্ৰীগৰাকীৰ এটা ঘোষণাই ভংগ কৰিব বুলি বিষয়টোৱে চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে, সংবিধানৰ ৩০ নং অনুচ্ছেদত স্পষ্টকৈ এনে শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু প্ৰয়োজনীয় কোনো নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ ধৰ্মীয় আচাৰ-নীতি সেই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে শিক্ষা দিয়াৰ অধিকাৰ দি থৈছে সংবিধানে।

এই অনুচ্ছেদত উল্লেখ আছে যে- 'Article 30 – Right of minorities to establish and administer educational institutions.- (1) All

minorities, whether based on religion or language, shall have the right to establish and administer educational institutions of their choice.

20[(1A) In making any law providing for the compulsory acquisition of any property of any educational institution established and administered by a minority, referred to in clause (1), the State shall ensure that the amount fixed by or determined under such law for the acquisition of such property is such as would not restrict or abrogate the right guaranteed under that clause.]

(2) The State shall not, in granting aid to educational institutions, discriminate against any educational institution on the ground that it is under the management of a minority, whether based on religion or language.'

বিভিন্ন সময়ত মাদ্ৰাছাসমূহৰ বিৰুদ্ধে মৌলবাদী শক্তিক আশ্ৰয় দিয়া আৰু এনে কাৰ্যকলাপৰ ঘাটি ৰূপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেই অভিযোগৰ ভিত্তিতেই এনে ধৰ্মীয় শিক্ষানুষ্ঠানসমূহক নাকী লগাবলৈ সংবিধানৰ এই অনুচ্ছেদ সংশোধনৰ দাবীও উত্থাপন হৈছে।

কিন্তু এতিয়ালৈকে সংবিধানৰ ২৮ নং আৰু ৩০ নং অনুচ্ছেদৰ সংশোধন হোৱা নাই। তেনেস্থলত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধান উলংঘা কৰি কিদৰে মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰি তাৰ স্থানত চৰকাৰী বিদ্যালয় স্থাপন কৰিম বুলি ঘোষণা কৰিছে তাক লৈহে প্ৰশ্ন উত্থাপন হৈছে।

আনহাতে, সংস্কৃত টোল বুলি ক'লে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সামৰি লোৱা হয়। প্ৰাচীণ কালৰ পৰাই ভাৰতীয় পৰম্পৰাত সংস্কৃত টোলত আধ্যাত্মিক শিক্ষাৰ বিষয়টো অন্তৰ্ভুক্ত হৈ আহিছে। ভাৰতীয় সভ্যতাতো ইয়াৰ গুৰুত্বপূৰ্ণ অৱদান আছে।

আনহাতে, অসমত সংস্কৃত শিক্ষাক অধিক সবল কৰি তোলাৰ বাবেই চৰকাৰে নলবাৰীত ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয় স্থাপনো কৰিছে। সেয়ে মাদ্ৰাছাৰ লগতে টোলসমূহো বন্ধ কৰি হাইস্কুল কৰা হ'ব বুলি মন্ত্ৰীয়ে কৰা ঘোষণাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা সংস্কৃত টোলৰ কৰ্তৃপক্ষ সমূহকো উদ্বিগ্ন আৰু ক্ষুণ্ণ কৰি তুলিছে। অৱশ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণা অদ্যপি চৰকাৰৰ আনুষ্ঠানিক সিদ্ধান্তত পৰিণত হোৱা নাই।

কিন্তু ৫ মাহৰ ভিতৰত এই কাৰ্য সম্পাদন কৰা হ'ব বুলি কোৱাৰ লগতে কেৱল মাদ্ৰাছা নহয়, সংস্কৃত টোলৰ ক্ষেত্ৰতো এনে ব্যৱস্থা প্ৰযোজ্য হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অৱশ্যে তেওঁ এই কথা সদৰী কৰিছে যে, এই সিদ্ধান্তৰ সৈতে কোনো ধৰ্মীয় দৃষ্টিভংগী নাই বুলি তেওঁ স্পষ্ট কৰি দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in