২০২১ত মাতৃভাষা বাংলা বুলি লিখকঃ বিতৰ্কিত সাংবাদিকে চলাইছে অপপ্ৰচাৰ…

২০২১ত মাতৃভাষা বাংলা বুলি লিখকঃ বিতৰ্কিত সাংবাদিকে চলাইছে অপপ্ৰচাৰ…

ডিজিটেল ডেস্কঃ ২০২১ত মাতৃভাষা বাংলা বুলি লিখক। অসমৰ বায়ু-পানী খাই সাংবাদিকতা কৰা এজন জ্যেষ্ঠ তথা বিতৰ্কিত সাংবাদিকে চলাইছে এই অপপ্ৰচাৰ। মিঞা পয়েট্ৰিৰ সমান্তৰালভাৱে এই অপপ্ৰচাৰত লিপ্ত হৈছে খোদ সুবীৰ ভৌমিক নামৰ সাংবাদিকগৰাকীয়ে।

ছ'চিয়েল মিডিয়াযোগে এই বিতৰ্কিত আহ্বান দিছে ভৌমিকে। সাংবাদিকগৰাকীয়ে মুকলিভাৱে অসমীয়া ভাষাৰ বিৰুদ্ধে। ফেচবুকৰ এটা কমেন্টত ভূমিকে লিখিছে- 'Every hindu and muslim of Bengali origin should say the truth in next census and write their mother tongue as Bangla.. that will be the befitting reply to these chauvinist.. bengalis hv fought and created a country for their language.. we should fight this chauvinism together again.. whenever bengalis have united, we hv won .. 1971.. but whenever divided we hv lost.. 1947.. we bengalis in northeast speak assamese, write in assamese, love assamese.. but bangla is my mother tongue and that should not change.. '

সুবীৰ ভৌমিকৰ সেই অসমীয়া বিদ্বেষী কমেন্ট…

উল্লেখযোগ্য যে, মিঞা পয়েট্ৰিক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকা সময়তে সুবীৰ ভৌমিকৰ এই মন্তব্যক লৈ জাঙোৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- 'এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত এই ষড়যন্ত্ৰ চলিছে। এন আৰ চিৰ নামত তেওঁলোকে অপপ্ৰচাৰ চলাইছে। আগতেও এনে ষড়যন্ত্ৰ চলিছিল। ই এক ভয়াৱহ এজেণ্ডা অসমীয়া ভাষা ধ্বংস কৰাত। এনে ধৰণৰ ষড়যন্ত্ৰ কোনো কাৰণতেই সফল হ'ব দিব নোৱাৰি। ইয়াৰ বাবে সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব। উগ্ৰ সাম্প্ৰদায়িকতাৰে ভাষিক আৰু ধৰ্মীয় দৃষ্টিকোণেৰে চলা এই ষড়যন্ত্ৰৰ জালত যাতে কোনো ভৰি নিদিয়ে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সকলোকে আহ্বান জনাইছে। '৭১ৰ আগত অহা এই লোকসকল ইতিমধ্যে অসমীয়া জাতিৰ সৈতে বিলিন হৈ গৈছে।'

ইফালে, মিঞা পয়েট্ৰিৰ জৰিয়তে সূত্ৰপাত হোৱা এই বিতৰ্কক গুৰুত্বসহকাৰে চৰকাৰে নল'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলিও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই। তেখেতে কয়- 'এইটো কেৱল এতিয়াৰ কথা নহয়। এনে প্ৰচেষ্টা চলি আছে। মিঞা পয়েট্ৰিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ চলিছে। এইবোৰ কলিতে মোহাৰি নেপেলালে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। ই অসমৰ কাৰণে নহয়, ভাৰতৰ বাবেও ডাঙৰ প্ৰত্যাহ্বান।'

বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে কয়- 'ইতিমধ্যে আমি গম পাইছো অলকাইডাই কাশ্মীৰত আক্ৰমণ চলাবলৈ ফতোৱা জাৰি কৰিছে। ই অসমৰ বাবেতো ভয়াৱহ কথাই, ভাৰতৰ বাবেও ই ডাঙৰ সমস্যা হ'ব। চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।।

অসম আৰু অসমীয়াৰ বিৰুদ্ধে চলা এই পৰিকল্পিত ষড়যন্ত্ৰৰ সন্দৰ্ভত জাতীয় দল-সংগঠনৰ নেতৃত্বয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'অসম আৰু অসমীয়াৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চক্ৰান্ত চলিছে। মিঞা পয়েট্ৰিৰ জৰিয়তে চলা এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হোৱা সময়। এজন সাংবাদিকে এনেদৰে মুকলি আহ্বান জনায় আমাৰ মাজত যি বিদ্বেষৰ ভাৱ সৃষ্টি কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে সকলো পক্ষই সাৱধানে খোজ দিব লাগিব।'

ছাত্ৰ নেতাগৰাকীয়ে লগতে অসম বিৰোধী এই চক্ৰৰ ষড়যন্ত্ৰ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অসন্তুষ্টি ব্যক্ত কৰে। চলৌ পালটাইৰ পাছত মিঞা পয়েট্ৰিৰ জৰিয়তে যিসকলে ব্যক্তিগত স্বাৰ্থৰ হকে অসমীয়া সমাজত লীন যাব খোজা লোকসকলক লৈ ৰাজনীতি কৰিছে, তেওঁলোককো সতৰ্ক কৰি দিয়ে।

ইফালে, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'আমাৰ চিধা কথা, কোনো অপশক্তিকে অসম আৰু অসমীয়াৰ বিৰুদ্ধে সুযোগ ল'বলৈ দিয়া নহ'ব। এইখন শংকৰ-আজানৰ দেশ। সম্প্ৰীতিৰে আমি বাস কৰি আছো। অসমীয়া ভাষাৰ হকে আমি সদায় আছো। নিজকে আমি অসমীয়া বুলি সদায় গৌৰৱ কৰো। কোনো অপশক্তিয়ে এনে ষড়যন্ত্ৰত লিপ্ত হ'লে ইয়াৰ বিৰুদ্ধে আমি থিয় দিম। নাজানো এইগৰাকী সাংবাদিকে কিয় এনে কথা কৈছে। তেওঁলোকৰ এনে ষড়যন্ত্ৰ সফল হ'বলৈ দিয়া নহ'ব। আমি সদায় অসমীয়া আৰু অসমীয়া হৈ থাকিম।'

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ ছাংমাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'আগৰে পৰা এনে ষড়যন্ত্ৰ আৰু পৰিকল্পনা চলি আছে। অভিভাষী মুছলমানৰ একাংশ শিক্ষিত লোক আৰু ভাষিক সংখ্যালঘু এচাম লোকে মিলি এই ষড়যন্ত্ৰ কৰিছে। ইয়াৰ বিৰুদ্ধে অতি সচেতনতাৰে আমি থিয় দিব লাগিব। শুদ্ধভাৱে এন আৰ চি প্ৰস্তুত কৰাৰ কথা সেয়েহে আমি কৈ আহিছো। অসম চুক্তি সফল ৰূপায়নৰ দাবী আমি জনাই আহিছো। লগতে এই কথাও কওঁ- মুলসুঁতিৰ অসমীয়া মানুহৰো যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ সমাহাৰে গঠিত এটা জাতি। সেই জাতি-জনগোষ্ঠীৰ স্বকীয় অধিকাৰ আৰু সমবিকাশৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব। অসমীয়া জাতিত মিলি যোৱা অভিভাষী লোকসকলৰো বিভিন্ন সমস্যা আছে। সেইবোৰে সমাধান কৰিব লাগিব।'

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে সুবীৰ ভৌমিকৰ এনে মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে। এইদৰে এতিয়া সুবীৰ ভৌমিকৰ অসম আৰু অসমীয়া বিদ্বেষী মন্তব্যৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি একাংশই এই বিতৰ্কিত সাংবাদিকগৰাকীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in