বিশিষ্ট লেখিকা ৰত্না দত্ত আৰু নাই

বিশিষ্ট লেখিকা ৰত্না দত্ত আৰু নাই

ডিজিটেল ডেস্কঃ বিশিষ্ট লেখিকা, আবৃত্তিকাৰ, ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ কলেজৰ অধ্যাপিকা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনাতাঁৰ নাটৰ নিয়মীয়া শিল্পী ৰত্না দত্তৰ বিয়োগ। বিগত কিছুদিন জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰত্না দত্তৰ বুধবাৰে পুৱা ৩.৩০ বজাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বিয়োগ ঘটে।

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট লেখিকা গৰাকীৰ। আকাশবাণী যোগে প্ৰচাৰিত উপন্যাস 'মধুৰতম সময়'ৰ বাবে বিশেষ খ্যাতি লাভ কৰা ৰত্না দত্তই বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ, সাহিত্য সমালোচনা আদি লিখিছিল। তেখেতৰ প্ৰকাশিত গ্ৰন্থ হৈছে দ্বিতীয়া (উপন্যাস), ৰঞ্জনৰ মধুৰতম সময় (কাব্য উপন্যাস), নীলাঞ্জনা (কবিতা)। ১৯৬৩ চনত ডিব্ৰুগড়ত জন্ম হৈছিল ৰত্না দত্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in