মোৰ দেউতাই দেশ চলায়ঃ ৰাজনীতিবিদ নহয়, ডাক্তৰ কিম্বা সেনাও নহয় শিশুটিৰ পিতৃ, তেন্তে কি? ৰতন টাটাই শ্বেয়াৰ কৰিলে ভিডিঅ’…

মোৰ দেউতাই দেশ চলায়ঃ ৰাজনীতিবিদ নহয়, ডাক্তৰ কিম্বা সেনাও নহয় শিশুটিৰ পিতৃ, তেন্তে কি? ৰতন টাটাই শ্বেয়াৰ কৰিলে ভিডিঅ’…

ডিজিটেল ডেস্কঃ 'মোৰ দেউতাই দেশ চলায়।' -এটা ভিডিঅ'ৰ আৰম্ভণি এয়া। এটি শিশুৱে বিদ্যালয়ৰ কোনো প্ৰতিযোগিতাত মঞ্চৰ পৰা উপস্থিত দৰ্শকক সম্বোধন কৰি কয় এইষাৰ কথা। শিশুটিৰ মুখৰ এই বাক্যশুনি প্ৰশ্নৰ উদ্ৰেগ ঘটে সকলোৰে মনত-এই শিশুটিৰ পিতৃ কোনো ৰাজনীতিবিদ, আৰক্ষী বিষয়া নে সীমান্তত পহৰা দিয়া সেনা জোৱান?

শিশু ছাত্ৰজনে দৰ্শকৰ মনত উদ্ৰেগ ঘটা সেই প্ৰশ্নৰ উত্তৰ অৱশ্যে নিজেই দিলে। শিশুটিয়ে আৰম্ভ কৰিলে- 'মোৰ পিতৃ কোনো ৰাজনীতিবিদ নহয়, চিকিৎসক অথবা আৰক্ষী বিষয়া নহয়। সেনা জোৱানো নহয় মোৰ দেউতা…।' তেনে কি এই শিশুটিৰ দেউতাক? পুনৰ এক প্ৰশ্নৰ অৱতাৰণা ঘটে মনত।

শিশুটিৰ মতে, তেওঁৰ দেউতাকে যদি এদিন কামলৈ নাযায়, তেন্তে স্তব্ধ হৈ পৰিব ভাৰতবৰ্ষৰ প্ৰতিখন ঘৰ। শিশুটিৰ ভাষাৰে- 'মোৰ দেউতাই যিটো কাম কৰে, সেই কাম আন কোনো দেউতাকেই কৰিব নোখোজে।' দৰাচলতে ভিডিঅ'টোত প্ৰত্যক্ষ হোৱা সেই শিশুটিৰ পিতৃ এগৰাকী চাফাই কৰ্মী।

'টাটা ট্ৰাষ্ট'ৰ অধীনত চলা 'মিছন গৰিমা'ৰ অংশ স্বৰূপে এনে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ তথা টাটা ট্ৰাষ্টৰ চেয়াৰমেন ৰতন টাটাই। য'ত তেওঁ কেপছনত লিখিছে- আমাৰ বাহাদুৰ চাফাই কৰ্মীসকলৰ বাবে এই মিছন গৰিমা।

https://www.instagram.com/tv/B8suOZxnYyi/?igshid=uyglzyqdn1wg

ৰতন টাটাই শ্বেয়াৰ কৰা ভিডিঅ'টোত শিশু ছাত্ৰজনে দেশবাসীক শুকান আৰু ভিজা আৱৰ্জনা পৃথক পৃথককৈ পেলাবলৈ আহ্বান জনাই অতি মৰ্মস্পৰ্শীভাৱে কয়, 'দেশবাসীয়ে শুকান আৰু ভিজা আৱৰ্জনা বেলেগে নেপেলায়। সেইবাবে মোৰ দেউতাই নলাৰ ভিতৰলৈ গৈ চাফাই কৰিবলগা হয়। নিজকে তেওঁ বিপদৰ মাজলৈ ঠেলি দিবলগা হয়। কেতিয়াবা এনে লাগে যেন মোৰ দেউতাই ৰোগৰ সৈতে যুঁজি হাৰি যাব। কেতিয়াবা এনে লাগে যেন মোৰ দেউতাই ঘৰলৈ উভতি নাহিব। মোৰ দেউতাক আপোনালোকে ৰক্ষা কৰক। এইখন দেশ কেৱল মোৰ দেউতাৰ দ্বাৰাই নচলাব।'

নিজৰ পিতৃৰ কামত গৌৰৱাম্বিত হৈও পিতৃক হেৰুওৱাৰ ভয়ত অতি কাতৰভাৱে চিঞৰি উঠা এই শিশুটিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি ৰতন টাটাই লিখিছে- '২.৩ কোটি লোকে বাস কৰা মুম্বাই চহৰত স্বচ্ছতা কৰ্মী আছে মাথো ৫০, হাজাৰ। তেওঁলোকে প্ৰত্যেক দিনাই বিপদসংকুলভাৱে কাম কৰিব লগা হৈছে। 'মিছন গৰিমা'ই সেই সকল চাফাই কৰ্মীৰ বাবে কাম কৰি আছে, যিয়ে চহৰখনৰ বাবে অকল্পনীয়ভাৱে কাম কৰি আহিছে, যাতে আমি চিকুণ হৈ থাকিব পাৰো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in