আজিৰে পৰা আৰম্ভ ৰেপিড’ সুবিধা, ৩ টকাতে মহানগৰবাসীয়ে কৰিব পাৰিব যাত্ৰা…

আজিৰে পৰা আৰম্ভ ৰেপিড’ সুবিধা, ৩ টকাতে মহানগৰবাসীয়ে কৰিব পাৰিব যাত্ৰা…

ডিজিটেল ডেস্কঃ আজিৰে পৰা মহানগৰবাসীয়ে লাভ কৰিব অতি কম খৰচত বাহনত যাত্ৰা কৰাৰ সুবিধা। কিয়নো অতি কম খৰচতেই  এতিয়া গুৱাহাটীৰ এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ পৰিৱৰ্তে দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব আপুনি। ১৭ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বাংগালুৰুৰ 'ৰেপিড' নামৰ এক প্ৰতিষ্ঠানে আৰম্ভ কৰিলে বাইক টেক্সী সেৱা। শিক্ষামন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই খানাপাৰাৰ পশু চিকিৎসা কলেজ খেলপথাৰৰ সমুখৰ ৱাকিং জ'নত শুভাৰম্ভণি কৰে ৰেপিড' সেৱাৰ।

উল্লেখযোগ্য যে বাইক আৰোহীজনে হেলমেট ব্যৱহাৰ নকৰিলে বা বাইকত যাত্ৰা কৰা যাত্ৰীগৰাকীক হেলমেট যোগান নধৰিলে বাইক ৰাইডাৰ্ছগৰাকীৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰি দিয়া হ'ব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে। পূৰ্বতেও চাৰিচকীয়া বাহনৰ অ'লা-উবেৰ এপৰ দ্বাৰা মহানগৰবাসী বহু উপকৃত হৈছে। এতিয়া দুচকীয়া বাহনৰ এই সুবিধাগ্ৰহণ কৰি এজন যাত্ৰীয়ে মহানগৰীৰ যিকোনো স্থানলৈ নিৰাপতে যাত্ৰা কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত কয়

মহানগৰবাসীয়ে অ'লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। মটৰচাইকেলৰ দ্বাৰা উপলব্ধ হ'বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৰেপিড'ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।

ইয়াৰোপৰি, অসমত বৰ্তমানলৈ বাইকত যাত্ৰা কৰা দুজন লোকে দুটা হেলমেট পৰিধান কৰাতো দেখিবলৈ পোৱা হোৱা নাই। সেয়েহে সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড'ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰি দিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড'ই একোটাকৈ হেলমেটৰ ব্যৱস্থাও কৰিছে বুলি জানিবলৈ দিয়ে সোণোৱালে।

আনহাতে, অতি কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সিদ্ধাৰ্থ সোণোৱালে কয়- 'দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিলোমিটাৰত মাত্ৰ ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে।'

ইতিমধ্যে কামৰূপ (মেট্ৰ')ৰ স্থানীয় শতাধিক বাইক আৰোহীয়ে নাম পঞ্জীয়ন কৰিছে আৰু প্ৰথম অৱস্থাত ১০০খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in