দিল্লীত আপৰ নৱনিৰ্বাচিত বিধায়কৰ বাহনত গুলীচালনা, এজন কৰ্মীৰ মৃত্যু…

দিল্লীত আপৰ নৱনিৰ্বাচিত বিধায়কৰ বাহনত গুলীচালনা, এজন কৰ্মীৰ মৃত্যু…

ডিজিটেল ডেস্কঃ ফলাফল ঘোষণাৰ পাছতে দিল্লীত আপৰ কৰ্মীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। মঙলবাৰে ফলাফল ঘোষণা হোৱাৰ পাচতে নিশা প্ৰায় ১০.৩০ বজাত দিল্লীৰ মহৰেলীত সংঘটিত হৈছে এই ঘটনা। মহাৰেলী বিধানসভা সমষ্টিত জয়লাভ কৰা আপৰ প্ৰাৰ্থী নৰেশ যাদৱ কনভয় আৰু সমৰ্থকৰ সৈতে এটা মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতাৰ বাটতে দুৰ্বৃত্তৰ গুলীত এজন কৰ্মীয়ে প্ৰাণ হেৰুৱাৰ লগতে এজন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত খবৰুনৰি, মহাৰেলী বিধানসভা সমষ্টিত নৱনিৰ্বাচিত আপৰ বিধায়ক খোলা জীপত সমদল কৰি ঘৰলৈ উভতিছিল। তেওঁৰ সৈতে আছিল অসংখ্য সমৰ্থক। নিশা প্ৰায় ১০ বজাত কিশানগড়ৰ এটা মন্দিৰত সেৱা লৈ ঘৰলৈ উভতাৰ সময়তে সংঘটিত হয় এই অঘটন। উল্লেখ্য যে, গুলীবিদ্ধ হোৱা লোকদুজনৰ সৈতে একেখন বাহনতে, একেবাৰে কাষত আছিল বিধায়ক নৰেশ যাদৱ। মৃত্যু হোৱা আপ কৰ্মীগৰাকীৰ নাম অশোক বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপ্ৰ গতিৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে ৩ গৰাকীকৈ লোকক। দিল্লীৰ কিশানগড়ৰে বাসিন্দা এই লোককেইজনৰ নাম হৈছে কালু, ধামী আৰু দেৱ। আৰক্ষীৰ সোধ-পোছত অভিযুক্ত কেইজনে প্ৰকাশ কৰিছে যে, আপৰ বিধায়কজন তেওঁলোকৰ টাৰ্গেট নাছিল। তেওঁলোকৰ টাৰ্গেট আছিল অশোকেই। কিয়নো অশোকৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া শত্ৰুতা আছিল। অভিযুক্তই আৰক্ষীক কোৱা মতে, একেবাৰে ওচৰলৈ গৈ তেওঁলোকে ৬ জাই গুলী চলাইছিল। ইয়াৰে ৪ জাই গুলীৰে থকা সৰকা কৰিছিল অশোকৰ দেহ।

ইফালে, কিছু লোকে অভিযোগ কৰিছে যে, গুলীবিদ্ধ হৈ মৃত্যু হোৱা অশোকৰ একেবাৰে কাষত আছিল বিধায়ক নৰেশ যাদৱ। অভিযুক্তই যদিও অশোকলৈ লক্ষ্য কৰি গুলী চলোৱাৰ কথা কৈছে, দৰাচলতে তেওঁলোকৰ লক্ষ্য আছিল নৱনিৰ্বাচিত বিধায়কগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in