শিশু বলাৎকাৰ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা অনিল সুৰেন্দ্ৰ যাদৱৰ ফাঁচীত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

শিশু বলাৎকাৰ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা অনিল সুৰেন্দ্ৰ যাদৱৰ ফাঁচীত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰটৰ এটি ৩ বছৰীয়া কন্যা শিশুক বলাৎকাৰ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা অনিল সুৰেন্দ্ৰ যাদৱৰ ফাঁচী স্থগিত ৰখাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। প্ৰণিধান যোগ্য যে, শিশু বলাৎকাৰ আৰু হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি ২০১৮ চনত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল অনিল অনিল সুৰেন্দ্ৰ যাদৱক। দোষীৰ বিৰুদ্ধে চুৰটৰ এখন আদালতে ডেথ ৱাৰেণ্ট জাৰি কৰি ২৯ ফেব্ৰুৱাৰীত ফাঁচী প্ৰদানৰ ঘোষণা কৰিছিল।

জ্যেষ্ঠ অধিবক্তা অপৰাজিতা সিঙে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত কয় যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ দোষীয়ে ৬০ দিনৰ সময় লাভ কৰিছে আৰু এই সময়ৰ ভিতৰত দোষীৰ বিৰুদ্ধে ডেথ ৱাৰেণ্ট জাৰি কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে অধিবক্তাগৰাকীৰ সৈতে সহমত প্ৰকাশ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিত নতুন ডেথ ৱাৰেণ্ট কেনেকৈ জাৰি কৰিব পাৰে? এইদৰে ন্যায়িক প্ৰক্ৰিয়া পৰিচালিত নহয়।

প্ৰণিধানযোগ্য যে, বিহাৰৰ নিৱাসী অনিল সুৰেন্দ্ৰ যাদৱে গুজৰাটৰ চুৰটৰ এটি ৩ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰিছিল। এই ঘটনাৰ পিছতে পষ্ক' আইনৰ অধীনত যাদৱক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ শাস্তি বিহে। ২০১৯ চনৰ ২৭ ডিচেম্বৰত গুজৰাট উচ্চ ন্যায়ালয়ে এই শাস্তি বাহাল ৰখাৰ ৰায় দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in