নিশা পথ দুৰ্ঘটনাত যুৱকে হেৰুৱালে প্ৰাণ…

নিশা পথ দুৰ্ঘটনাত যুৱকে হেৰুৱালে প্ৰাণ…

ডিজিটেল সংবাদ বকোঃ বকোত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱকে। বকো থানাৰা অন্তৰ্গত কেন্দুগুৰীত মঙ্গলবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৰাতুল ৰাভা নামৰ এগৰাকী মটৰ চাইকেল আৰোহী।

আহত ৰাতুলক সংকটজনক অৱস্থাত বকোৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে ৰাতুল ৰাভাই শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে নিহত ৰাতুল ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ ৰংজুলিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in