শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

২৪ ঘণ্টাত চালে ১ কোটি লোকে, ৰণবীৰ সিঙৰ নতুন ছবিৰ ভাইৰেল VIDEO…

876

ডিজিটেল ডেস্কঃ ২০১৯ত ছবিগৃহ মুক্তি পাবলগীয়া বলিউডৰ বহু প্ৰত্যাক্ষিত ছবিসমূৰ ভিতৰত অন্যতম ছবিখন হ’ল ‘গলী বয়’। অভিনেতা ৰণবীৰ সিং অভিনীত এইখন ছবি চাবলৈ দৰ্শকৰ যে ভিৰ বাঢ়িব সেয়া প্ৰায় নিশ্চিত। কাৰণ প্ৰথমবাৰলৈ দুজন হিপহ’প গায়কৰ জীৱনৰ ভিত্তিক ছবি কেইখন নিৰ্মাণ কৰাৰ লগতে প্ৰথমবাৰলৈ ৰণবীৰ সিঙক ৰূপালী পৰ্দাত এজন হিপহ’প গায়কৰ (ৰেপাৰ) চৰিত্ৰত দেখা পোৱা যাব।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী, ২০১৯ত ছবিগৃহত মুক্তি পাবলগীয়া ‘গলী বয়’ ছবিখনৰ ‘গলী বয়’ শীৰ্ষক গীতটি ইউটিউবত আপলোড কৰা ২১ জানুৱাৰীত, ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই প্ৰায় ১ কোটি লোকে চাইছে এই ভিডিঅ’টো। অৱশ্যে এই গীতটিৰ দ্বাৰাই হিপহ’প গায়ক ডিভাইন আৰু নেইজীয়ে সংগীতৰ জগতখনত নিজৰ পৰিচয় লাভ কৰিছিল। ১৬ এপ্ৰিল, ২০১৫চনত ইউটিউবত আপলোড কৰা এই গীতটি পুনৰ ছবিখনত দেখা পোৱা যাব। কিন্তু লক্ষণীয় যে, এই গীতটিত ৰণবীৰ সিঙেও কণ্ঠ নিগৰাইছে।

চাওঁক গলী বয় ছবিখনৰ গীতটিৰ ভাইৰেল ভিডিঅ’টি-

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গীতটি। ৰণবীৰ সিঙে ছবিখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কয়- এই ছবিখনত তেওঁ অভিনয় কৰি বহু সুখী। আৰু এই ছবিখনত কেৱল তেওঁৱেই অভিনয় কৰিব বিচাৰিছিল। আন কোনোবাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পোৱা হ’লে অভিনেতাগৰাকীয়ে বহু দুখ পালে হয় বুলিও কয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি