জীয়াঢল নদীৰ ভগ্ন মথাউৰি পৰিৰ্দশন বিধায়ক ৰনোজ পেগুৰ, জীয়াঢলৰ পাতিৰি চুকত নদী নিয়ন্ত্ৰণৰ বাবে ২কোটি টকা অনুমোদন

জীয়াঢল নদীৰ ভগ্ন মথাউৰি পৰিৰ্দশন বিধায়ক ৰনোজ পেগুৰ,  জীয়াঢলৰ পাতিৰি চুকত নদী নিয়ন্ত্ৰণৰ বাবে ২কোটি টকা অনুমোদন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি চকুলো জীয়াঢল নদীয়ে বাৰিষা সময়ত ফেনেফুটুকাৰে বাঢ়ি বানপানী সৃষ্টি কৰি ধেমাজি ৰাজচক্ৰৰ অধীনৰ প্ৰায় ডেৰ লক্ষ্যাধিক ৰাইজে বানৰ কবলত পৰি হাহাকাৰ অৱস্হা হবলগীয়া হয়৷ জল সম্পদ বিভাগে জীয়াঢল নদী নিয়ন্ত্ৰণৰ বাবে কোটি কোটি টকাৰ খৰছ কৰি আহিছে যদিও নদীখন নিয়ন্ত্ৰণ কৰিবলৈ সফল হোৱা নাই৷ তাৎপৰ্যপূৰ্ণ ভাবে ধেমাজি জল সম্পদ বিভাগে খৰালিতেই ভগ্ন মথাউৰি নিৰ্মাণৰ বাবে আঁচনি প্ৰাকলন প্ৰস্তুত কৰি উদ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি আহিছে যদিও চৰকাৰে বাৰিষাৰ আগতেই মথাউৰি নিৰ্মানৰ আদেশ অথবা অনুমোদনৰ ধন ৰাশি সময়তে মুকলি কৰি নিদিয়া বাবেই ধেমাজিত মথাউৰি নিৰ্মাণ কাৰ্য্যত সফলতা হেঙাৰ মূল কাৰণ বুলি সচেতন ৰাইজে অভিযোগ কৰি আহিছে।

বৃহস্পতিবাৰে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুয়ে জীয়াঢলৰ বৰ্মন গাঁৱৰ সমীপৰ পাতিৰ চুক চাপৰিত মথাউৰি ভগ্নাংশ পৰিৰ্দশন কৰি অঞ্চলটোৰ অৱস্হাৰ বুজ লয়৷ বিধায়ক গৰাকীয়ে ভগ্ন মথাউৰি পৰিৰ্দশনৰ অন্তত স্হলিতে সাংবাদিক সকলৰ সৈতে হোৱা এক বাৰ্তালাপত অঞ্চলটোৰ অৰ্জুন চাপৰি পৰা আৰম্ভ কৰি তিনি ঘৰীয়া হাতীগড়, চমৰাজান, বাটঘৰীয়া, পশ্চিম ধেমাজি অঞ্চলত বাৰিষাৰ সময়ত বানপানীয়ে বিস্তৰ ক্ষয়তি সাধন কৰাৰ কথা স্বীকাৰ কৰি এই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবলৈ জীয়াঢল নদীৰ গতি পথ সলনি কৰিবই লাগিব বুলি উল্লেখ কৰে।

নদীখনৰ গতিপথ সলনি কৰিবলৈ এই নদীৰ পাৰত পাৰ্কোপাইন,বাহঁৰ কাম, চেনেল কাটিং কৰি নদী খনৰ পানী মূল সূতিলৈ পঠিওৱা ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে৷ এই কামৰ বাবে তেওঁ চৰকাৰৰ পৰা ৫কোটি ধন বিচাৰিছিল যদিও সদ্যহতে ২কোটি টকাৰ ধন পাইছে বুলি জানিবলৈ দি এই কাম শীঘ্ৰেই কৰা হব বুলি কয়৷ বিধায়ক গৰাকী সৈতে উপস্থিত থকা ধেমাজি জল সম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা সমীকৰণ ডেকা আৰু উপ সংমণ্ডলৰ অভিযন্তা সুৱত দাসৰ সৈতে জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ অধীক্ষক অভিযন্তা অৰূপজ্যোতি বৰঠাকুৰে স্হানীয় বিধায়ক গৰাকীক আচঁনি নিৰ্মানৰ বাবে উপযুক্ত পৰিমানৰ পুজিঁ দিয়া ব্যৱস্থা কৰিলেহে আচঁনি ৰূপায়নত সুবিধা হব বুলি জানিবলৈ দিয়ে৷

অধীক্ষক অভিযন্তা বৰঠাকুৰে জীয়াঢল নদী নিয়ন্ত্ৰণ কৰিবলৈ হলে নদীখনৰ বিভিন্ন ঠাইত চেনেল কাটিঙৰ অতি প্ৰয়োজন জনায়৷ চেনেল কাটিং নোহোৱা বাবেই নদী খনৰ পানী মূল সূতিলৈ ন গৈ অন্যদিশে যোৱা বাবেই চমৰাজানৰ ভুজু গাওঁৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অঞ্চল সমূহত প্ৰত্যেক বছৰেই পানীয়ে অসুবিধা সৃষ্টি কৰে৷ বিধায়ক গৰাকীক জীয়াঢল নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পুঁজি যোগানৰ বাবেও অধীক্ষক অভিযন্তা গৰাকীয়ে অনুৰোধ জনাই আহিছে বুলি জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in