বলিউডৰ পাছত এইবাৰ দুৰ্গাপূজাৰ থিম ছঙত কণ্ঠদান ৰাণু মণ্ডলৰ…

বলিউডৰ পাছত এইবাৰ দুৰ্গাপূজাৰ থিম ছঙত কণ্ঠদান ৰাণু মণ্ডলৰ…

ডিজিটেল ডেস্কঃ ইণ্টাৰনেট ষ্টাৰ ৰাণু মণ্ডল বৰ্তমান বলিউডৰ ছবিৰ গীতত কন্ঠদান কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। তাৰ মাজতে খবৰ আহিছে যে, দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত কলকাতাৰ এটা ষ্টুডিঅ'ত এটা গীত ৰেকৰ্ডিং কৰা হৈছে, য'ত কণ্ঠদান কৰিছে ৰাণু মণ্ডলে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি, এই গীতটিৰাণু মণ্ডলে মুম্বাইলৈ গৈ বলিউডৰ ছবিৰ গীতত কণ্ঠদান কৰাৰ পূৰ্বে ৰেকৰ্ডিং কৰাহৈছিল। কিন্তু এই গীতটিৰ শেষৰ অংশৰ কাম ৰাণু মণ্ডলে মু্ম্বাইৰ পৰা ঘূৰি আহিসম্পূৰ্ণ কৰে। উল্লেখ্য যে, এইটো এটা দুৰ্গাপূজাৰ থিম ছং। আৰু কলকাতাৰ সংগীতপৰিচালক বিজয় ছিলে এই গীতটিৰ সৈতে জড়িত।

এই সন্দৰ্ভত ৰাণু মণ্ডলে কয়- 'মই গীতগাই ভাল পাওঁ। আশা কৰো সকলোৱে এই গীতটি পচন্দ কৰিব আৰু সকলোৱে দুৰ্গা পূজাৰ অৰ্থবুজিব।' ইফালে, সংগীত পৰিচালক বিজয়ে কয় যে, এই গীতটি প্ৰীতম দে'ৰ কষ্টৰ ফচল।দুৰ্গা পূজাৰ থীম ছং হিচাপে প্ৰস্তুত কৰা এই গীতটিত ৰাণু মণ্ডলে কণ্ঠদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in