দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কেনেদৰে গঢ়িছিল মাতৃ শান্তি গগৈয়ে…

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কেনেদৰে গঢ়িছিল মাতৃ শান্তি গগৈয়ে…

ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছে অসম সন্তান ৰঞ্জন গগৈয়ে। আজি আবেলি ডিব্ৰুগড়ৰ খলিহামাৰীত থকা বাসগৃহলৈ যাব ন্যায়াধীশ ৰঞ্জন গগৈ। পুত্ৰৰ বাবে অপেক্ষা কৰি আছে ৮৪বছৰীয়া মাতৃ শান্তি গগৈয়ে। আজি দিনটো তেওঁৰ বাবে আন এক কাৰণতো বিশেষ দিন। সেয়া হ'ল- আজি তেখেতৰ আত্মজীৱনী 'সোঁৱৰণিৰ ৰঙীন পাত' উন্মোচন হ'ব।

সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই উন্মোচন কৰিব এই গ্ৰন্থখন। আবেলি ৫বজাত ডিব্ৰুগড়ৰ গাৰ্ডেন ট্ৰিট অনুষ্ঠিত হ'ব গ্ৰন্থখন। তাৰপূৰ্বে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে কথা পাতিছিল দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃয়ে। এই সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ-

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূবৰ পৰা মুখ্য ন্যায়াধীশ ৰূপত অধিস্থিত হোৱা ৰঞ্জন গগৈ ডাঙৰীয়া প্ৰথম গৰাকী ন্যায়াধীশ। আপোনাক প্ৰথমে শুভেচ্ছা জনালো।

শান্তি গগৈঃ ধন্যবাদ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়া সম্ভৱ আজি ঘৰলৈ আহিব?

শান্তি গগৈঃ আবেলিলৈ পাবহি।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আজি আন এটা কাৰণতো দিনটো আপোনাৰ বাবে বিশেষ। আপোনাৰ আত্মজীৱনীখন আজি উন্মোচন হ'ব।

শান্তি গগৈঃ হয়। আবেলি ৫ বজাত সেই অনুষ্ঠানটো আছে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি মুখ্যমন্ত্ৰীৰ পত্নী আছিল আৰু এতিয়া দেশৰ  পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ মাতৃ। এগৰাকী সফল মাতৃ বা পত্নী হিচাপে আপোনাৰ এই সফলতাৰ আঁৰৰ মূল মন্ত্ৰ কি? ন্যায়াধীশ ৰঞ্জন গগৈৰ পুৰণি কথাবোৰ কিছু ক'ব পাৰিবনে?

শান্তি গগৈঃ মই যথেষ্ট সময় দিছিলো ল'ৰা-ছোৱালীক। সিহঁতক সময় দিব লাগে। তেতিয়া সিহঁতৰ মানসিকতাৰ বিষয়ে গম পোৱা যায়। কথা-বতৰা পাতিব লাগে। কিবা যদি ক'ৰবাত বেয়াৰ ফালে ঢাল খাই, তেতিয়া বুজিব পাৰি, ধৰিব পাৰি, সংশোধন কৰিব পাৰি। স্কুলৰ পৰা আহি যাতে মোক ঘৰত পাই সেইটোৰ প্ৰতি মই সচেতন আছিলো। মই ভাবো- প্ৰতিজন অভিভাৱকেই এই কথাটোত গুৰুত্ব দিব লাগে।সময়ৰ বহুত পৰিৱৰ্তন হৈছে। আমি সদায় সতৰ্ক হৈ থকাটো প্ৰয়োজন।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ সন্তান ন্যায়াধীশ ৰঞ্জন গগৈৰ বিষয়ে…

শান্তি গগৈঃ স্বাভাৱিকভাৱেই তেওঁ ডাঙৰ হৈছিল। খেলা-ধূলা কৰি ভাল পাইছিল। আমি কেতিয়াও ক'ব লগা হোৱা নাছিল পঢ়িবলৈ। সেইখিনি দায়িত্ব নিজে চম্ভালিছিল। সৰুৰে পৰা তেওঁ আছিল বৰ দায়িত্বশীল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ স্বামী মুখ্যমন্ত্ৰী আছিল। আপুনি মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে গৌৰৱ অনুভৱ কৰেনে?

শান্তি গগৈঃ মই সদায় আদৰ্শ মাতৃ হিচাপে নিজকে গঢ়িবলৈ চেষ্টা কৰিছিলো। ঘৰখন ধৰি ৰাখিবলৈ যত্ন কৰিছিলো। তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ আছিল। সেইবোৰ বিষয়তকৈ মই গৃহীনি হিচাপে তেওঁক যি সহযোগ লাগে সেইখিনি দিবলৈহে চেষ্টা কৰিছিলো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ চাৰিখনকৈ পুঠি আপুনি ৰচনা কৰিছে। তাৰ ভিতৰত 'মোৰ যুগ্ম জীৱনৰ কাহিনী', 'ইউৰোপৰ মিঠা সোঁৱৰণ', 'চিন্তাৰ জিলিঙনি' আৰু 'পদ্মকুমাৰী গোঁহাইৰ ৰচনা সম্ভাৰ' হ'ল আপোনাৰ সাহিত্যৰ সৃষ্টি। 'সেৱা' নামৰ এটা বেচৰকাৰী সন্থাৰ সৈতে আপুনি জড়িত আছিল। আজি যিখন গ্ৰন্থ উন্মোচন হ'ব, সেই অনুষ্ঠানত আপোনাৰ পুত্ৰ ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়া উপস্থিত থাকিবনে?

শান্তি গগৈঃ থকাৰ কথা। যদি প্ৰটক'লৰ ভিতৰত নপৰে তেন্তে হয়তো নাযাবওঁ পাৰে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ গ্ৰন্থখনত ৰঞ্জন গগৈৰ বিষয়ে কিবা আছে নেকি?

শান্তি গগৈঃ বেলেগ একো নাই। তেওঁলোকৰ পঢ়া-শুনাৰ কথা কিছু লিখিছো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি কৈছে- সন্তানক আপুনি যথেষ্ট সময় দিছিল।

শান্তি গগৈঃ হয়। সন্তানক যথেষ্ট সময় দিছিলো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ আন এজন পুত্ৰ অঞ্জন গগৈ আছিল এয়াৰ মাৰ্চেল। এতিয়া মাজু পুত্ৰ ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ইতিমধ্যে নিযুক্তি লাভ কৰিছে। তেওঁলোকক সৰুতে কেনেদৰে গঢ় দিছিল।এই খবৰ পোৱাৰ পিছত আপোনাৰ প্ৰতিক্ৰিয়া কেনে আছিল?

শান্তি গগৈঃ মোৰ ভাল লাগিছিল। বিশেষকৈ অসমৰ মানুহৰ এটা আশা পূৰণ হ'ল।এই অঞ্চলৰ পৰা মুখ্য ন্যায়াধীশ পদত নিযুক্তি লাভ কৰা নাছিল কোনেও। মই তেওঁলোকক সাধাৰণভাৱেই গঢ় দিবলৈ চেষ্টা কৰিছিলো। কিন্তু সময় দিছিল যথেষ্ট। গধূলি চাকি-বন্তি জ্বলাইছিলো। আমাৰ আদৰ্শক তেওঁলোকে বুজি পাইছিল, উপলব্ধি কৰিছিল। সেই সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কটনৰ পৰা তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল অসমৰ ভিতৰত।পি ইউ তেতিয়া এবছৰীয়া আছিলে। ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ পাইছিলে। তাৰপাছত তেখেত দিল্লীলৈ গৈ ছেইন্ট ষ্টিফেন কলেজত বুৰঞ্জীত মেজৰ লৈ বি এ পাছ কৰিলে।  তাৰ পাছত তাত এম এ কৰি ল' পঢ়িছিলে। সেই সময়ত এম এ আৰু ল' একেলগে কৰিব নোৱাৰিছিল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ধন্যবাদ।

শান্তি গগৈঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in