অৱসৰৰ পূৰ্বে এইয়া মোৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠানঃ ৰঞ্জন গগৈ

অৱসৰৰ পূৰ্বে এইয়া মোৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠানঃ ৰঞ্জন গগৈ

ডিজিটেল ডেস্কঃ অযোধ্যা গোচৰৰ ৰায়দানৰ পিছদিনাই আহি গুৱাহাটীত এক অনুষ্ঠানত অংশ ল'লে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। অৱসৰৰ বাবে মাজত মাত্ৰ ৬ দিন থকাৰ সময়ত এই অনুষ্ঠানত অংশ লৈ ক'লে এয়াই হ'ব মোৰ মুখ্য ন্যায়াধীশ হিচাপে অন্তিমটো ৰাজহুৱা অনুষ্ঠান। এই অনুষ্ঠানত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ এছ এ ব'বডেয়েও অংশ লয়।

দেওবাৰে গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত আয়োজিত এই অনুষ্ঠানত উন্মোচন কৰা হয় "ভাৰতবৰ্ষৰ আদালতসমূহঃ অতীতৰ পৰা বৰ্তমানলৈ" শীৰ্ষক এখন গ্ৰন্থ। উল্লেখ্য যে, এই অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে ডিব্ৰুগড়ৰ বাসগৃহলৈ গৈছিল ৰঞ্জন গগৈ।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাও উপস্থিত আছিল। উল্লেখ্য যে, এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত বিশেষ সম্পাদকৰ ভূমিকা লৈছিল সুৰেশ শৰ্মাই। তেখেতৰ লগতে এই কাৰ্যত সহযোগ কৰিছিল দিতিমণি গগৈ, চয়নিকা চৌধুৰী, অৰ্চনা দেৱী, কংকনা বৰা, অপৰ্ণা দেৱী শৰ্মা, মায়াশ্ৰী মহন্ত আৰু জাহ্নৱী গগৈয়ে।

এই উন্মোচনী অনুষ্ঠানত অংশ লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়- "মই অন্যান্য বিষয় বা বিতৰ্কিত বিষয়ৰ ওপৰত আজি একো নকওঁ।" কিতাপখনৰ আন ভাষাৰ সংস্কৰণো থকা বুলি ইংগিত দি লগতে তেওঁ কয়, "এই কিতাপখন ব'বডে আৰু মই যোৱা বছৰো অন্য ভাষাত উন্মোচন কৰিছিলো। কিতাপখন গধুৰ, কিন্তু ভাল। আইনৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপখন পঢ়িব লাগে।"

এই অনুষ্ঠানত অংশ লৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশগৰাকীয়ে কেবাগৰাকীও মহান অসমীয়াৰ নাম উল্লেখ কৰিলে। পৰৱৰ্তী মুখ্য ন্যায়াধীশ এছ এ ব'বডেয়ে তৰুণৰাম ফুকন, ফকৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈৰ নাম উল্লেখ কৰি এইসকল লোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ লগতে অসমীয়া ভাষাৰ সৈতেও তেওঁৰ মাতৃভাষা মাৰাঠীৰ সম্পৰ্ক দেখুৱাই কয়, "মাৰাঠী ভাষাৰ সৈতে অসমীয়া ভাষাৰ এটা শব্দ একে, সেইটো হৈছে 'আই'"।

অনুষ্ঠানটোত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাষণ প্ৰসংগত এই দিনটোক সৌভাগ্যৰ দিন বুলি উল্লেখ কৰি অযোধ্যাৰ ৰায়দানৰ সন্দৰ্ভত তেওঁ দিয়া ৰায়ক সন্মান কৰা বুলি মন্তব্য ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in