ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানিক প্ৰসাদক বিদায় সম্বৰ্ধনা…

ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানিক প্ৰসাদক বিদায় সম্বৰ্ধনা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তত অৱস্থিত ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক মানিক প্ৰসাদক আজি বিদ্যালয়খনিৰ পৰিচালনা সমিতি, শিক্ষক গোট আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা এখন গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষক মানিক প্ৰসাদে ১৯৮২ চনত উল্লেখিত বিদ্যালয়খনিত বিনাবেতনেৰে কৰ্মজীৱনৰ পাতনি মেলাৰ পিছত ১৯৮৮ চনত সহ শিক্ষক হিচাপে চৰকাৰীকৰণ হয়৷

শ শ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলা প্ৰসাদে ৩১ ডিচেম্বৰ ২০২০ ত চৰকাৰীভাৱে বিদ্যালয়খনিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ সুদীৰ্ঘ বছৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত ব্ৰতী হৈ ছাত্ৰ ছাত্ৰী সকলক গুণগত শিক্ষাৰে শিক্ষিত কৰি অহা বিদায়ী শিক্ষকগৰাকীৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ বিদ্যালয়খনিৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে শিক্ষক, কৰ্মচাৰী,ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে তেখেতসকলক বায়ন-গায়ন পৰিবেশনেৰে আদৰি আনে আৰু ইয়াৰ পিছতেই বিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন হাজৰিকাৰ সভাপতিত্বত বিদায় সম্বৰ্ধনা সভাখনি অনুষ্ঠিত হয় ৷ বিদ্যালয়খনিৰ শিক্ষক প্ৰফুল্ল বুঢ়াগোহাঁই, বিপুল গোহাঁয়ে আঁত ধৰা সম্বৰ্ধনা সভাখনিত শ শ ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক বিদ্যালয়খনিৰ শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে পৃথকে পৃথকে মানপত্ৰ,গামোছা,সফুঁৰা, শৰাই, কিতাপৰ টোপোলা,চেলেং, ছাতি আদি প্ৰদানেৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷

সভাত বিদায়ী শিক্ষক গৰাকীৰ পৰিবাৰ হেমন্তী প্ৰসাদকো ফোলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডিম্বেশ্বৰ ফুকনে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত বিদায়ী শিক্ষক মানিক প্ৰসাদে ভাষণত সকলোকে ধন্যবাদ জনোৱাৰ লগতে পৰবৰ্তী সময়ত শিক্ষক শিক্ষয়িত্ৰী সকলে যাতে বিদ্যালয়খনিৰ শৈক্ষিক দিশটো আৰু আগুৱাই নিয়ে তাৰ প্ৰতি অধিক লক্ষ্য ৰাখিবৰ বাবে আহ্বান জনায়৷

সভাখনিত বিদ্যালয়খনিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে বিশ্বনাথ প্ৰসাদ, কোষেশ্বৰ বৰা আৰু থানেশ্বৰ গগৈ, ১ নং ৰঙিত প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন সন্দিকৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰেমধৰ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় কমল শইকীয়া আৰু চিৰ কুমাৰ বৰদেৱা, প্ৰধান শিক্ষয়িত্ৰী নাং পুষ্প চাও থাওলুঙ, অনাতাঁৰ শিল্পী তুলসী গগৈ, শিক্ষক নকুল চাংমাই, থানু গগৈৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিদায়ী শিক্ষকগৰাকীৰ কৰ্মৰাজী আলোকপাত কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷

বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনিত বিদ্যালয়খনিৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিদায়ী শিক্ষকগৰাকীৰ পৰা আৰ্শীবাদ লোৱাৰ উপৰি ভাষণত চৰকাৰীভাবে বিদায় ললেও অনাগত দিনত বিদ্যালয়খনিৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয়খনিলৈ মাজে সময়ে আহি সু-পৰামৰ্শ দিবৰ বাবে অনুৰোধ জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in