সমষ্টিৰ পদূলিতে হিমন্তৰ কনভয় ভেদি যুৱকে দেখুৱালে ক’লা পতাকা, চাওক VIDEO

সমষ্টিৰ পদূলিতে হিমন্তৰ কনভয় ভেদি যুৱকে দেখুৱালে ক’লা পতাকা, চাওক VIDEO

ডিজিটেল ডেস্কঃ যলৈকে গৈছে তাতেই গণৰোষৰ সন্মুখীন হৈছে বিজেপিৰ মন্ত্ৰী-বিধায়ক। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছৰে পৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ৰাজ্যৰ বহুস্থানত প্ৰদৰ্শন কৰা হৈছে কলা পতাকা। এইবাৰ ৰঙিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদৰ্শন কৰা হ'ল কলা পতাকা।

সোমবাৰে ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছু সদস্যই হিমন্ত বিশ্বক শৰ্মাক প্ৰদৰ্শন কৰিলে কলা পতাকা। হিমন্তৰ কনভয়ৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰীয়ে 'হিমন্ত বিশ্ব মুৰ্দাবাদ' 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক' শ্লগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰা কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি থানাত মাৰ-ধৰ কৰাৰ অভিযোগো উঠিছে আৰক্ষীৰ বিৰুদ্ধে। প্ৰতিবাদকাৰী সকলে প্ৰশাসনৰ এই বৰ্বৰতাৰ বিৰুদ্ধে অৰ্ধ নগ্ন হৈ প্ৰতিবাদ কৰাৰ লগতে মহকুমাধিপতি আৰু আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰতিবাদকাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in