ৰঙিয়াত আন এজন মহৎ! দুৰ্নীতি নিবাৰক শাখাৰ জালত বন বিষয়া ধীৰাজ দাস, চাওঁক ভিডিঅ’

ৰঙিয়াত আন এজন মহৎ! দুৰ্নীতি নিবাৰক শাখাৰ জালত বন বিষয়া ধীৰাজ দাস, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে-লোটে আটক কৰিলে উত্তৰ কামৰূপ বন সংমণ্ডলৰ খণ্ড বন বিষয়া ধীৰাজ দাসক।দীৰ্ঘদিন ধৰি বাক্সা জিলাৰ নাগ্ৰীজুলিৰ ডাম্পাৰৰ মালিক এগৰাকীৰ পৰা ধন দাবী কৰি আহিছিল বন বিষয়াগৰাকীয়ে।

জানিব পৰা মতে, ভজন দাস নামৰ মালিকজনক বিষয়া গৰাকীয়ে প্ৰতিদিনে ফোনযোগে ধন বিচাৰি হাৰাশাস্তি কৰিছিল। বিগত দিনসমূহৰ দৰে বিষয়াগৰাকীয়ে সোমবাৰে নিশাও ব্যৱসায়ীগৰাকীক তেওঁৰ চৰকাৰী আবাসগৃহলৈ একেই উদ্দেশ্যেৰে মাতি পঠিয়াই।

উপায়ন্তৰ বিহীন হৈ দাসে মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ লগত যোগাযোগ কৰে। লগে লগে দূৰ্নীতি নিবাৰক শাখাৰ প্ৰতিনিধি দল এটা ৰঙিয়াত উপস্থিত হৈ বিষয়া গৰাকীয়ে ধন লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে।

আনহাতে, প্ৰায় ডেৰমাহ পূৰ্বে ৰঙিয়াৰ কৰ্মস্থলীত যোগদান কৰা বিষয়াগৰাকীৰ বাহনৰ লগতে চৰকাৰী আৱাসগৃহতো তন্ন-তন্নকৈ তালাচী চলাই দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in