ৰঙিয়াৰ ভাতকুছিত ৱেগনাৰৰ খুন্দাত আহত দুই ছাত্ৰী

ৰঙিয়াৰ ভাতকুছিত ৱেগনাৰৰ খুন্দাত আহত দুই ছাত্ৰী

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ৰঙিয়া নগৰৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আজি দিনৰ ভাগত ভাতকুছিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনীকৈ ছাত্ৰী গুৰুতৰ ভাবে আহত হয় । নলবাৰী অভিমুখী তীব্ৰ বেগী ৱেগনাৰৰ খুন্দাত গুৰুতৰভাবে আহত ছাত্ৰী দুগৰাকী ৰঙিয়াৰ বাহাৰুল ইছলাম হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৰকুকুৰিয়াৰ মণিমা বেগম আৰু বিলপাৰৰ নুৰে আচমা বেগম।

ইফালে ৱেগনাৰ আৰোহীদ্বয় বৰপেটাৰ ধনজিত দাস আৰু প্লাবিতা দাসো গুৰুতৰভাবে আহত হয় । আহত কেইগৰাকীক স্হানীয় ৰাইজে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

প্ৰাপ্ত তথ্য মতে নলবাৰী অভিমুখী তীব্ৰবেগী ৱেগনাৰ খনে প্ৰথমে এখন বাইকত খুন্দা মাৰি বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা ছাত্ৰী কেইগৰাকীক খুন্দা মাৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত চাৰিওজনকে জি .এম. চি হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in