অযোধ্যাৰ পৰা ৰাফেললৈঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কান্ধত গধুৰ দায়িত্ব…

অযোধ্যাৰ পৰা ৰাফেললৈঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কান্ধত গধুৰ দায়িত্ব…

ডিম্পুল বৰগোহাঁই

মাজত মাঁথো কেইটামান দিন। ১৭ নৱেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰগ্ৰহণ কৰিব ৰঞ্জন গগৈয়ে। দিপাৱলীৰ বন্ধৰ পাছত ৪ নৱেম্বৰত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হৈছে । ৪ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ বিভিন্ন বন্ধৰ বাবে আদালতৰ কাম-কাজ চলিব মাত্ৰ ৮ দিন। এই ৮ টা দিনৰ ভিতৰতে মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈয়ে ৫ টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ঐতিহাসিক ৰায় প্ৰদান কৰিব লাগিব।

অসম সন্তান ৰঞ্জন গগৈয়ে ২০১৮ বৰ্ষৰ ৩ অক্টোবৰত দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিছিল। প্ৰায় ১ টা বছৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ আসনত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত চূড়ান্ত ৰায় প্ৰদান কৰিছে গগৈয়ে। কিন্তু অৱসৰলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৫ টা গুৰুত্বপূৰ্ণ বিষয়ত ৰায় প্ৰদান কৰাতো যে সহজ নহব সেয়া ইতিমধ্যেই বিভিন্ন মহলত চৰ্চা হৈছে।

১৭ নৱেম্বৰৰ ভিতৰত ৰায় প্ৰদান কৰিব লগীয়া গুৰুত্বপূৰ্ণ বিষয়কেইটা কিঃ

ৰামৰ জন্মভূমি আৰু বাবৰি মছজিদ বিবাদ-

অৱসৰৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰায় প্ৰদান কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰামৰ জন্মভূমি আৰু বাবৰি মছজিদ বিবাদ। বৰ্তমান দেশৰ সকলো সচেতন লোকৰে দৃষ্টি নিৱদ্ধ হৈ আছে ৰাজনৈতিকভাৱে অতি সংবেদনশীল এই বিষয়টোৰ ওপৰত। এই বিষয়টোৰ ওপৰত ন্যায়ালয়ে দিয়া ৰায়ে একাংশ লোকক যে সামাজিক আৰু ধাৰ্মিকভাৱেও প্ৰভাম্বাৱিত কৰিব, সেয়া ইতিমধ্যে উমান পোৱা গৈছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ৫ জনকৈ ন্যায়াধীশেৰে গঠিত বিচাৰপীঠে চলিত বৰ্ষৰে যোৱা ১৬ অক্টোবৰত বিষয়টোৰ ওপৰত শুনানিগ্ৰহণ কৰি ছূড়ান্ত ৰায় স্থগিত ৰাখিছে। বিগত ৭০ বছৰ ধৰি ২.৭৭ একৰ মাটিক লৈ চলা ন্যায়িক যুদ্ধৰ অৱসান ঘটিব ১৭ নৱেম্বৰৰ ভিতৰতে।

সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশঃ

কেৰালাস্থিত দেশৰ প্ৰসিদ্ধ তীৰ্থস্থান সবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাই প্ৰৱেশ কৰিব পাৰিবনে! এই গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত অৱসৰৰ পূৰ্বে ৰায় প্ৰদান কৰিব লাগিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগতে গঠিত ৫ জনীয়া বিচাৰপীঠে।

নিসন্দেহে কব পাৰি যে, ধৰ্মীয় আৱেগ জড়িত এনে এটা বিষয়ত অতি কম সময়ৰ ভিতৰতে ৰায় প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। সেয়া যি কি নহলেও, চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত গগৈৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে বিভিন্ন পক্ষৰ প্ৰায় ৬৫ খন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই ৰায় বৰ্তমান পৰ্যন্ত স্থগিত ৰাখিছে।

ন্যায়ালয়ত একাংশ আবেদনকাৰীসকলে যুক্তি দৰ্শাইছিল যে, সৰৱিমালা মন্দিৰত ভক্তই পূজা কৰা ভগৱান অয়প্পা হৈছে ব্ৰক্ষ্মচাৰী।গতিকে এই তীৰ্থস্থানৰ ভিতৰত ১০-৫০ বছৰ বয়সৰ মহিলাক প্ৰৱেশ কৰিব নিদিয়া বিষয়টোত আদালতে হস্তক্ষেপ কৰাটো অনুচিত। মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বিগত বছৰত মন্দিৰৰ প্ৰাংগনতে যুক্তি-তৰ্কত লিপ্তও হৈছিল ১২ গৰাকী মহিলাই। মহিলা কেইগৰাকীক মন্দিৰত প্ৰৱেশৰ বাধা দিছিল মন্দিৰ কতৃপক্ষৰ লগতে অগনণ ভক্তই। অৱশ্যে পিছৰ পৰ্যায়ত আদালতৰ নিৰ্দেশমৰ্মে মন্দিৰত প্ৰৱেশ কৰিছিল মহিলাকেইগৰাকীয়ে। ইয়াৰ পিছতে মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ভক্তসকল।

ৰাফেল ডীলক লৈ চৰকাৰক ক্লীন চিটঃ

অৱসৰৰ পূৰ্বে ৰঞ্জন গগৈয়ে ৰায় প্ৰদান কৰিব আন এটা হাই ভল্টেছ কেছ হৈছে ৰাফেল ডীলক লৈ চৰকাৰক ক্লীন চিট। এটা ফালৰ পৰা চাবলৈ গলে এই বিষয়টোত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে ৰায় প্ৰদান কৰিব ৰঞ্জন গগৈ নেতৃত্বাধীন ৩ জনীয়া বিচাৰপীঠে। উল্লেখ কৰা প্ৰয়োজন যে, নৰেন্দ্ৰ মোডী চৰকাৰে ফান্সৰ পৰা ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰা প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল। আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ২০১৮ চনত ৰাফেল ক্ৰয় প্ৰক্ৰিয়াত চৰকাৰক ক্লীন চিট দিছিল ন্যায়ালয়ে।

কিন্তু ইয়াৰ পিছতে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা আৰু অৰুণ চোৰীয়ে পুনৰ উচ্চতম ন্যায়ালয়ত বিষয়টোক লৈ আবেদন দাখিল কৰিলে। ইয়াৰোপৰি অধিবক্তা প্ৰশান্ত ভুষণেও ৰাফেল ক্ৰয়ৰ সমগ্ৰ প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ তুলি চি বি আই তদন্তৰ দাবী কৰিছিল। এই বিষয়টোৰ ওপৰতো ন্যায়ালয়ে যোৱা ১০ মেত ৰায় স্থগিত ৰাখিছে। এই বিষয়ৰ ওপৰতো ছূড়ান্ত ৰায় প্ৰদান কৰা দায়িত্ব এতিয়া অসম সন্তান ৰঞ্জন গগৈৰ।

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ো আহিব তথ্য জনা অধিকাৰৰ আওতালৈঃ

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু দিল্লী উচ্চতম ন্যায়ালয়ৰৰ আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰে কেন্দ্ৰীয় গণ সংযোগ আয়োগে ২০১০ চনত দাখিল কৰা এখন আবেদনৰ ওপৰতো চূড়ান্ত ৰায় প্ৰদান কৰিব লাগিব ৰঞ্জন গগৈ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে।

এই আবেদনত দাবী কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ো আহিব লাগে তথ্য জনা অধিকাৰৰ আইনৰ আওতালৈ। এই আবেদনৰ সন্দৰ্ভত চলিত বৰ্ষৰে ৪ এপিলত গ্ৰহণ কৰা শুনানিত ৰায় স্থগিত কৰি ৰাখিছে। ১৭ নৱেম্বৰৰ ভিতৰত এই বিষয়ৰ সন্দৰ্ভতো ৰায় প্ৰদান কৰিব লাগিব মুখ্য ন্যায়াধীশে।

ৰাহুল গান্ধীৰ 'চকীদাৰো চোৰ' প্ৰসংগঃ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক 'চকীদাৰো চোৰ' বুলি কটাক্ষ কৰিছিল। ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এনে অপমানজনক মন্তব্যৰে কটাক্ষ কৰাক লৈ দেশৰ শীৰ্ষ আদালতত কাষ চাপিছিল বিজেপিৰ সাংসদ মীনাক্ষী লেখী। প্ৰধানমন্ত্ৰীগৰাকীক লৈ কৰা এনে মন্তব্যৰ বাবে চলিত বৰ্ষৰে মে মাহত ক্ষমা খোজাৰ লগতে বিষয়তো নিষ্পতিৰ বাবে আবেদনো কৰিছিল গান্ধীয়ে। কিন্তু উচ্চতম ন্যায়ালয়ে এই বিষয়টো নিষ্পত্তি কৰাৰ পক্ষপাতি নাছিল। গতিকে ৰাহুল গান্ধীৰ ওপৰত চলি থকা এই বিষয়টোৰ ওপৰতো চূড়ান্ত ৰায় প্ৰদান কৰিব লাগিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

৫ টাকৈ গুৰুত্বপূৰ্ণ বিষয় নিষ্পত্তি কৰাৰ গধুৰ দায়িত্ব এতিয়া মু্‌খ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওপৰত। ৮ টা দিনৰ ৫ টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ চূড়ান্ত ৰায় প্ৰদান কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হব বুলি মন্তব্য কৰিছে ৰঞ্জন গগৈৰ স্থানত স্থলাভিসিক্ত হবলগা শৰদ অৰবিন্দ বোবডেই। দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশৰ আসনত বহিবলগা বোবেডৰ কাৰ্যকাল হব ১৮ মাহ।

দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোনঃ

১৯৫৬ চনৰ ২৪ এপিলত নাগপুৰত জন্ম হৈছিল বোবডেৰ। নাগপুৰৰে এছ এফ এছ কলেজৰ পৰা তেও বিএ পাছ কৰে। ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰে ১৩ ছেপ্তেম্বৰত অধিবক্তাৰ জীৱন আৰম্ভ কৰে তেঁও। নাগপুৰ আদালততে প্ৰাৰম্ভিক কাম-কাজ শিকে।

এনেকৈয়ে নিজৰ কৰ্মদক্ষতাৰে চিনাকি মুখ হৈ পৰে শৰদ অৰবিন্দ বোবডে। ২০০০ চনৰ ১৩ ছেপ্তেম্বৰত বম্বে হাইকৰ্টৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওক নিযু্ক্তি দিয়া হয়। ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ ২৩ এপিলত অৱসৰ গ্ৰহণ কৰিব শৰদ অৰবিন্দ বোবডেই।

শৰদ অৰবিন্দ বোবডেই ন্যায়াধীশ হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে জড়িত ৰায় দান আছিল অতি গুৰুত্বপূৰ্ণ। মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত বোবজেৰ বাবে প্ৰত্যাহ্বান হব ভাৰতৰ ন্যায়ালয়ৰ সমূহত পেণ্ডিং হৈ থকা ৩.৫৩ কোটি টা গোচৰ। ইয়াৰে উচ্চতম ন্যায়ালয়তে স্থগিত হৈ আছে ৫৮,৬৬৯ টা গোচৰ।

ইয়াৰে আকৌ ৪০,৪০৯ টা গোচৰ হৈছে বিগত ৩০ বছৰে স্থগ্ত হৈ থকা গোচৰ। সমীক্ষানুসৰি এই বিষয়বোৰ আগন্তুক ৫ টা বছৰৰ ভিতৰত নিষ্পত্তিৰ বাবে প্ৰয়োজন হব ৮,৫২১ গৰাকী ন্যায়াধীশ। বৰ্তমানৰ অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈকে আমাৰ দেশত ৫,৫৩৫ গৰাকী ন্যায়াধীশৰ অভাৱ। ইফালে সমীক্ষাত দেখা গৈছে যে, উচ্চতম ন্যায়ালয়ত বৰ্তমান ৩১ গৰাকী ন্যায়াধীশ আছিল যদিও গোচৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ৮ জন ন্যায়াধীশৰ প্ৰয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in