কাৰাগাৰত সা ৰে গা মা! গায়ক ৰূপত ৰাকেশ পাল

কাৰাগাৰত সা ৰে গা মা! গায়ক ৰূপত ৰাকেশ পাল

ডিজিটেল ডেস্কঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আজি আছে এক বিশেষ অনুষ্ঠান। কাৰাগাৰত আৱদ্ধ বহু কয়দীৰ লগতে গীত, সুৰ আৰু লয়ত মচগুল হৈ পৰিছে ৰাকেশ পাল। এইকেইদিন ভীষণ ব্যস্ত উত্তৰ কাছাৰৰ দুৰ্নীতিৰ চৰ্দাৰগৰাকী। এইবাৰ পিছে দুৰ্নীতিৰ বাবে তেওঁৰ নাম চৰ্চালৈ অহা নাই। কাৰাগাৰৰ ওখ চাৰিবেৰৰ মাজত কেইদিনমান আগৰে পৰাই চলি আছে আখৰা। সেই আখৰাত ব্যস্ত ৰাকেশ পালো। কোনোবাই যদি তবলা, কোনোবাই হাৰমণিয়াম লৈ বন্দীত্ব জীৱন পাহৰি মচগুল হৈ আন এক পৃথিৱীত।

ৰাকেশ পাল আৰু অন্যান্য একাংশৰ উদ্যোগতে কাৰাগাৰৰ কয়দী সকলৰ বাবে এবছৰৰ পূৰ্বে খোলা হৈছিল এখন সংগীত বিদ্যালয়। আজি এবছৰ হ'ব সেই সংগীত বিদ্যালয়খনৰ। 'সুৰৰ পানচৈ' নামৰ এই সংগীত বিদ্যালয়খনৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ কেইবাগৰাকীও শিল্পী-সাংস্কৃতিক কৰ্মী।

কাৰাগাৰৰ ভিতৰত নহয় কেৱল বেয়া কাম। সৃষ্টি আৰু সাধনাৰ মাজতেই আবদ্ধ হয় সেই বন্দী জীৱন। 'সুৰৰ পানচৈ' নামৰ এই সংগীত বিদ্যালয়খনত সংগীতৰ পাঠ লৈছে কাৰাগাৰৰ কেইবাগৰাকী কয়দীয়ে। তাৰ মাজতে আছে ৰাকেশ পালো।

১১ জানুৱাৰী, ২০১৯ত প্ৰথম এই বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজন কৰা বিশেষ অনুষ্ঠানত গায়ক ৰূপত দেখা পোৱা যাব ৰাকেশ পালৰ লগতে আন কেইবাগৰাকী কয়দীক। সাজু হৈছে সকলো। ইতিমধ্যে প্ৰায় দুই সহস্ৰাধিক কয়দীয়ে একেলগে গাইছিল 'অ' মোৰ আপোনাৰ দেশ…'। দুৰ্নীতিত অভিযুক্ত হৈ ৰাকেশ পালে দীৰ্ঘদিন ধৰি জেইলৰ ভাত খাই আছে। কাৰাগাৰতে এদিন কীব'ৰ্ডো শিকিছিল ৰাকেশ পালে। এতিয়া পিছে তেওঁ গানতহে মনোনিৱেশ কৰিছে। দুৰ্নীতিৰ সাম্ৰাজ্য পাতি এদিন লুণ্ঠনৰ জাল মেলা ৰাকেশ পালে কি গীত গাব সেয়াহে এতিয়া কয়দীসকলৰ মাজত আলোচনা চলিছে।

জীৱনৰ সুৰ-তাল-লয়-মান খেলমেলি হৈ গ'লেও আজি সংগীতৰ সুৰ-তাল-লয় ধৰি ৰাখিবলৈ চেষ্টা কৰিব হেনো ৰাকেশ পালে। কাৰাগাৰৰ এক ভিতৰৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কেতিয়াবা যদি ক্ৰিকেট, কেতিয়াবা সভা আৰু কেতিয়াবা এনেদৰে গীতক লৈয়ে ভীষণ ব্যস্ত হৈ আছে ৰাকেশ পাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in