ৰাজ্যসভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ভূবনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী আৰু অজিত কুমাৰ ভূঞা…

ফাইল ফটো
ফাইল ফটো
  • ৰাজ্যসভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল অসমৰ ৩ প্ৰাৰ্থী।
  • বিজেপিৰ হৈ ভূবনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থিত প্ৰাথী অজিত কুমাৰ ভূঞা জয়ী হৈছে।
  • ৩ গৰাকী বিজয়ী প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে বিজয়ীৰ প্ৰমাণ পত্ৰ।
  • কিছু সময়ৰ পূৰ্বে ভূবনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাই সংগ্ৰহ কৰিছে প্ৰমাণ পত্ৰ।
  • ইফালে বিশ্বজিৎ দৈমাৰীৰ হৈ তেওঁৰ প্ৰতিনিধিয়ে সংগ্ৰহ কৰিছে বিজয়ীৰ প্ৰমাণ পত্ৰ।
  • প্ৰাৰ্থীকেইগৰাকীৰ বিজয়ৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ নাৰায়ণ ডেকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in