ৰাজ্যসভাত ১৩ ফেব্ৰুৱাৰীত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক…

ৰাজ্যসভাত ১৩ ফেব্ৰুৱাৰীত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক…
  • নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ অপ্ৰাণ চেষ্টা মোডী চৰকাৰৰ।
  • ১৩ ফেব্ৰুৱাৰীত পুনৰ জাতিধ্বংসী এই বিধেয়কখন উত্থাপন কৰাৰ বাবে সাজু হৈছে মোডী চৰকাৰ।
  • ইতিমধ্যে ৰাজ্যসভাৰ ১৩ ফেব্ৰুৱাৰী কাৰ্যক্ৰমণিকা প্ৰকাশ কৰা হৈছে।
  • ১৩ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব ৰাজ্যসভাৰ কাম-কাজ।
  • প্রথমে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ সত্যেন্দ্ৰ প্ৰসাদ মাৰ্জীৰ মৃত্যুত শোক ব্যক্ত।
  • তাৰপাছতেই আৰম্ভ হ'ব ৰাজ্যসভাৰ আন কাম-কাজ।
  • ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানৰ পাছতেই উত্থাপন হ'ব কেবাখনো বিধেয়ক।
  • দিনৰ ১২ বজাৰ পৰা উত্থাপন হ'ব লগা বিধেয়কসমূহৰ ভিতৰত ৯নম্বৰ বিধেয়কখন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • ৰাজনাথ সিঙে উত্থাপন কৰিব এই বিধেয়ক।
  • মুঠ ১০খন বিধেয়ক উত্থাপন কৰিব অন্তিম দিনটোত।
  • ৰাজ্যসভাৰ সচিব প্ৰধান দেশ দিপক বাৰ্মাৰ স্বাক্ষৰিত এক জাননী যোগে প্ৰকাশ কৰা হৈছে অন্তিমদিনা ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাৰ তালিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in