‘কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং

‘কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ 'কা' আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছো।' -বুধবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। মেৰঠত 'কা'ৰ সমৰ্থনত বিজেপিয়ে আয়োজন কৰা জনসভা সম্বোধন কৰি ৰাজনাথ সিঙে এইদৰে 'কা' সপক্ষত যুক্তি দৰ্শোৱা পৰিলক্ষিত হয়।

'কা' আনি চৰকাৰে কোনো অপৰাধ কৰা নাই বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে একাংশ লোকে নিজৰ স্বাৰ্থৰ বাবে 'কা'ক হিন্দু-মুছলমানৰ বিভেদকামী দৃষ্টিৰে চাইছে। কিন্তু সেয়া সঠিক নহয়।

তেওঁ কয়, 'সন্দেহ লাগিলে যিয়েই নকৰক, কিন্তু 'কা' লৈ বিভাজন কৰাটো ভুল। আমাৰ প্ৰধানমন্ত্ৰীয়ে ধৰ্মৰ আধাৰত নহয়, মানৱতাৰ আধাৰত চিন্তা কৰে। আৰু তাৰেই ফচল হৈছে নাগৰিকত্ব সংশোধনী আইন। একাংশই নিজৰ স্বাৰ্থৰ বাবে 'কা'ক হিন্দু-মুছলমানৰ বিভেদকামী দৃষ্টিৰে চাইছে।'

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে লক্ষ্ণৌত 'কা'ৰ সমৰ্থনত আয়োজিত জনসভাত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে একপ্ৰকাৰ সদম্ভ ঘোষণা কৰিছিল যে 'কা'ক লৈ যিমানেই প্ৰতিবাদ নহওক লাগিলে, তথাপি এই আইন বাতিল নহয়। গৃহমন্ত্ৰীগৰাকীয়ে ক্ষমতাৰ অপপ্ৰয়োগৰে কৰা এই মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in