জীৱন আৰু জীৱিকাৰ প্ৰতি অহা ভাবুকিৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব : ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱা

জীৱন আৰু জীৱিকাৰ প্ৰতি অহা ভাবুকিৰ পৰা পৰিত্ৰাণৰ  ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব : ড৹ মাধুৰ্য্যমণ্ডিত  বৰুৱা

ডিজিটেল সংবাদ, চেঙা :  "সম্প্ৰতি  জীৱন  আৰু জীৱিকাৰ প্ৰতি যি ভাবুকি আহিছে সেই ভাবুকিৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে  চৰকাৰে  বিশেষ ব্যৱস্থা  গ্ৰহণ কৰিবই লাগিব  আৰু জনসাধাৰণেও দায়িত্ব  সহকাৰে ব্যৱস্থা  গ্ৰহণ কৰিব  লাগিব। নিজৰ কাম , নিজৰ বৃত্তি, নিজৰ দায়বদ্ধতাক  আগুৱাই  নিবলৈ  এক পৰিবেশ সৃষ্টি  কৰিবই লাগিব। "বৰপেটা  জিলাৰ  সৰ্থেবাৰীৰ  পৰা তিনি বছৰ পূৰ্বেই  আত্ম প্ৰকাশ  কৰি অসমত সমাদৃত হৈ পৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ  নাট্য দলৰ তৃতীয় বৰ্ষৰ বাবে আখৰা গৃহ আনুষ্ঠানিক  ভাৱে  মুকলি কৰি  এইদৰে কয়  বিশিষ্ট লেখক, গবেষক তথা কৃষ্ণগুৰু  আধ্যাত্মিক  বিশ্ববিদ্যালয়ৰ  অসমীয়া  বিভাগৰ  মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই ।

ভাষণ প্ৰসঙ্গত  তেওঁ পুনৰ কয় যে , কোৰোনা অতিমাৰিত বিশ্বৰ বহু কেইখন দেশত সেই দেশৰ নাগৰিকৰ নিজস্ব কৰ্ম, নিজস্ব বৃত্তি তথা নিজস্ব  দায়বদ্ধতাৰ ক্ষেত্ৰত  কোনো স্থবিৰতা আহিব দিয়া নাই। লকডাউন তথা কোৰোনা সৃষ্ট পৰিস্থিতিয়ে নাট্যজগতখনৰ বৃহৎ  ক্ষতি কৰা বুলি মত ব্যক্ত কৰি কয় যে, স্বাভিমানক সম্পদ হিচাপে লৈ জীয়াই থকা সংস্কৃতিৰ  পূজাৰী, শিল্পী , কলা-কুশলীসকলৰ কথা চিন্তা  কৰি আৰু দৰ্শক ৰাইজৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা  কৰি এক ইতিবাচক  পদক্ষেপ  গ্ৰহণ কৰিবলৈ চৰকাৰ তথা আহ্বায়ক সমিতিসমূহ তৎপৰ হোৱা  অতি জৰুৰী । ১৮৬০ চনত বৰপেটাৰ পৃথ্বি ৰাম বায়নে সৃষ্টি  কৰা অপেৰাক ১৯১০ চনত বৰপেটাৰ  সন্থৰাম চৌধুৰীয়ে কিছু নতুনত্ব  প্ৰদান কৰিছিল আৰু ১৯৩০ বৰপেটাৰ নাট্যচাৰ্য  ব্ৰজনাথ শৰ্মাই  ভ্ৰাম্যমাণৰ ৰূপ দি নকৈ প্ৰতিষ্ঠা  কৰিছিল অসমৰ নাট্যমূলৰ শক্তিশালী ভেটি যাত্ৰাদলক ।

সম্প্ৰতি এই যাত্ৰাদলক অধিক গতিশীল আৰু অধিক ৰুচিশীল  কৰাত গুৰুত্ব প্ৰদান কৰি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দল এতিয়া  অসমৰ এক চিনাকি নাম হৈ পৰিছে আৰু নাট্য সংস্কৃতিক শক্তিশালী  কৰাত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দল সফল হৈছে বুলিও তেওঁ  ব্যক্ত কৰে । উল্লেখযোগ্য যে  যাত্ৰাদলক এক ৰুচিশীল চিন্তা আৰু  পৰিকল্পনাৰে বিশেষ গতি প্ৰদান কৰা সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ  আখৰা গৃহ আনুষ্ঠানিক ভাৱে  সোমবাৰে সন্ধিয়া  মুকলি কৰা হয় । বিয়লিৰ ভাগত ধৰ্মীয়  ৰীতি- নীতিৰে ভকতৰ দিহানাম পৰিবেশন কৰাৰ পিছত সন্ধিয়া  আনুষ্ঠানিক  ভাৱে আখৰা গৃহ মুকলি কৰা হয়  । ভাল দিনৰ আশাৰে তৃতীয়  বৰ্ষৰ  বাবে  চলোৱা  প্ৰস্তুতি  সম্পৰ্কে  সাংবাদিক  তথা বিৰিণা গোষ্ঠী  অসমৰ  সভাপতি লীলাধৰ পাঠকৰ  সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।  এই সভা আৰম্ভণিৰ  পূৰ্বে শান্তিৰাম  মেধিৰ  বাঁহী  বাদন আৰু শিক্ষক তথা শিল্পী  দুলাল  বৈশ্যৰ  বেহেলা বাদন  প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে নটৰাজৰ  প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন  কৰে ওজা কঁহাৰ শিল্পী  মৃগেন পাঠকে । একেদৰে তৃতীয়  বৰ্ষৰ  লগত সঙ্গতি  ৰাখি  তিনিগছি  বন্তি প্ৰজ্বলন  কৰে প্ৰতিষ্ঠিত  কবি তথা সাংবাদিক  তফিকুৰ ৰহমান, সাংবাদিক  জয়ন্ত ডেকা আৰু অভিনেতা কেশব ডেকাই । পাণ্ডুলিপিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে  মঞ্চ  জগতৰ বলিষ্ঠ অভিনেতা তথা সৰুক্ষেত্ৰীৰ  গৌৰৱ সুকুমাৰ বৰ্মনে । ৰাজনন্দিনী ভ্ৰাম্যমাণ  নাট্যদলৰ  মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে তৃতীয় বৰ্ষৰ বাবে  নিৰ্বাচিত কৰা ৰমা বৰ্মনৰ ৰচিত নাট অস্তসূৰ্য আৰু কানু-ভানু  উপন্যাসৰ আধাৰত  ভৰত পাঠকে ৰচনা কৰা পি,জে প্ৰিন্সে প্ৰতিলিপি প্ৰস্তুত কৰা অজলা ককাই নাটৰ পাণ্ডুলিপি  উন্মোচন  কৰে  সদৌ অসম  ছাত্ৰ সন্থাৰ  উপ সভাপতি প্ৰদীপ দাস আৰু নাট পৰিচালক , প্ৰযোজক তথা সদৌ অসম ভ্ৰাম্যমাণ যাত্ৰা দলৰ প্ৰযোজক সন্থাৰ সভাপতি  নৱ শৰ্মাই। 

ভাষণ প্ৰদান কৰি  নৱ শৰ্মাই কয় যে, আমাক সাহায্যৰ টোপোলা দিয়াৰ সলনি আমাক আমাৰ মানসিক খাদ্য  আহৰণ আৰু পৰিয়ালৰ ভৰণ-পোষণৰ   বাবে এক সুস্থিৰ পৰিবেশ দিবলৈ দাবী উত্থাপন  কৰে । একেদৰে শুৱালকুছিত আৰক্ষী থানা  উদ্বোধন  কৰোঁতে যদি চাৰি হাজাৰ মানুহ গোট খুৱাব পাৰে তেতিয়া  হ'লে আমাক এক হাজাৰ মানুহ গোট খোৱাৰ পৰিবেশ কিয় দিব নোৱাৰে  বুলিও আক্ষেপ প্ৰকাশ কৰে।একেদৰে আছুৰ উপ সভাপতি প্ৰদীপ দাসে কয় যে এটা সময়ত যাত্ৰা দল বুলি ক'লে সাধাৰণ দৰ্শক ৰাইজৰ মাজত এক অনিহা আছিল কিন্তু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ বলিষ্ঠ পৰিকল্পনা , সাৱলীল অভিনয় আৰু অত্যাধুনিক কলা-কৌশলৰ প্ৰয়োগে সেই অনীহা দূৰ কৰি নতুনকৈ দৰ্শকক মঞ্চৰ সন্মুখলৈ অনাত বিশেষ ভাবে সফল হৈছে । সভাত বিশিষ্ট সমাজকৰ্মী ৰবিউল হুছেইনে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰি কয় যে অসমীয়া সংস্কৃতিৰ ভেটি মজবুত কৰিবলৈ আৰু অসমীয়া শিল্পী , কলা-কুশলীৰ মানসিক দৃঢ়তা বৃদ্ধি কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

সভাত পাপৰি মিনি থিয়েটাৰৰ প্ৰযোজক চানক্য পাঠক, নাট্যকাৰ ৰমা বৰ্মনে ভাষণ প্ৰদান কৰাৰ লগতে সভাত প্ৰাক্তন ছাত্ৰনেতা হিবজুৰ ৰহমানেও মঞ্চ শুৱনি কৰে। এই সভাতে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি,জে প্ৰিন্স আৰু সুমন ভৰদ্বাজৰ পৰিকল্পনাৰে প্ৰস্তুত কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ তৃতীয় বৰ্ষৰ মুখ্য বেনাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ উপদেষ্টা সুবোধ তামুলীয়ে । সভাত সমাজকৰ্মী গুণজিত বৰ্মন, জাহ্নবী মিনি থিয়েটাৰৰ প্ৰযোজক গকুল মহন্ত, বাদ্য শিল্পী শান্তিৰাম মেধি, দুলাল বৈশ্য, ভাগ্যশ্ৰী মিনি থিয়েটাৰৰ প্ৰযোজক সুবোধ তালুকদাৰ আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত অভিনেতা তথা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক সুমন ভৰদ্বাজে শলাগৰ শৰাই আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in