ঢকুৱাখনাৰ সৰবৰহী পশু চিকিৎসা কৰ্মী ৰাজীৱ টাকুৰ বিয়োগ…

ঢকুৱাখনাৰ সৰবৰহী পশু চিকিৎসা কৰ্মী ৰাজীৱ টাকুৰ বিয়োগ…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ বৃহত্তৰ মৰনৈ বেবেজীয়াৰ বৰ্ষামুখ অঞ্চলৰ সৰবৰহী সমাজকৰ্মী তথা পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক ৰাজীৱ(ৰবিন)টাকুৰ আজি যোৱা নিশা প্ৰায় ১২,৩০ বজাত বিয়োগ ঘটে। দীৰ্ঘদিন ধৰি মধুমেহজনিত ৰোগত ভুগি চিকিৎসাধীন হৈ থকা ৰাজীৱ(ৰবিন)টাকুৱে বৰ্ষামুখ পঞ্চায়তৰ বকুলা মঘুৱাচুকৰ নিজা বাসগৃহতে ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ১৯৫৫ চনৰ ১ নৱেম্বৰত বৰ্ষামুখ পঞ্চায়তৰ বকুলা মঘুৱাচুকত জন্ম লাভ কৰা ৰাজীৱ টাকুৱে শিক্ষা গ্ৰহণ কৰি ধেমাজি জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ অধিনত পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰূপে চাকৰি জীৱন আৰম্ভ কৰি-২০১৫ চনৰ নৱেম্বৰ মাহত সফলতাৰে অৱসৰ গ্ৰহণ কৰে।

ৰবিন টাকু নামেৰেহে সমগ্ৰ সোৱণশিৰি জনাজাত পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক ৰাজীৱ টাকুৰ বিয়োগত সদৌ অসম টাকু অপৃন কেবাঙৰ সভাপতি-দিলীপ টাকুৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে।বিয়োগৰ সময়ত ৰাজীৱ টাকুৱে এজন পুত্ৰ,দুগৰাকী জী-আৰু নাতি-নাতিনীক এৰি থৈ শোকৰ সাগৰত পেলাই গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in