আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ তৃতীয় দিনাৰ সোধা-পোছা সমাপ্ত…

আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ তৃতীয় দিনাৰ সোধা-পোছা সমাপ্ত…

ডিজিটেল ডেস্কঃ সোমবাৰেও শ্বিলঙৰ চিবিআই কাৰ্যালয়ত চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত সোধ-পোছ কৰা হয় কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু টিএমচিৰ প্ৰাক্তন সাংসদ কুনাল ঘোষক। এক সূত্ৰ অনুসৰি, সোমবাৰে প্ৰথম এঘণ্টা দুয়োকে পৃথকে পৃথকে সোধ-পোছ কৰা হয় যদিও, পিছলৈ দুয়োকে মুখামুখিকৈ ৰাখি সোধা-পোছা কৰে চিবিআই বিষয়াসকলে।

আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক ৩ দিন ধৰি সোধা-পোছা কৰে চিবিআই আৰক্ষীয়ে। লগতে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কুনাল ঘোষক দেওবাৰৰ পৰা সোধা-পোছা কৰে শ্বিলঙৰ চিবিআই কাৰ্যালয়টোত। দেওবাৰে দুয়োকে মুখামুখি ৰাখি চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত সোধা-পোছা কৰে চিবিআই বিষয়াসকলে। আৰু চিবিআই-য়ে দুয়োৰে ভাষ্য ৰেকৰ্ড কৰি ৰাখে।

চিবিআই এক সূত্ৰ অনুসৰি, সোমবাৰে ৰোজ ভেলীৰ আৰ্থিক কেলেংকাৰী সন্দৰ্ভতো সোধা-পোছা কৰা হয়। আৰম্ভণিত সাৰদা কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা দলৰ নেতৃত্বত থকা কলকাতা আৰক্ষী আয়ুক্তগৰাকীয়ে তথ্য হেৰুওৱাৰ অভিযোগ উত্থাপন হৈছিল।

জানিব পৰা মতে, কুনাল ঘোষৰ ভাষ্যৰ আধাৰত সোধ-পোছ কৰা চিবিআই বিষয়াসকলে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক সোধা-পোছা কৰাত সহজ হৈছিল। যাৰ বাবে শ্বিলঙৰ চিবিআই কাৰ্যালয়ত কেৱল কুনাল ঘোষক উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল। তদুপৰি এঘণ্টা আগতে কুনাল ঘোষক সোধা-পোছা আৰম্ভ কৰা হৈছিল চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত। আৰু তাৰে এঘণ্টাৰ পাছতহে ৰাজীৱ কুমাৰক সোধা-পোছা কৰা হয়। তাৰ পাছতহে দুয়োকে একেলগে মুখামুখিকৈ ৰাখি সোধ-পোছ অব্যাহত ৰাখে চিবিআই কাৰ্যালয়টোত।

প্ৰথমটো দিনৰ দৰে তৃতীয় দিনতো সোধা-পোছা কৰা হয় ৰাজীৱ কুমাৰক। প্ৰায় ১০০ বাৰ সোধা-পোছা কৰে চিবিআই-য়ে। সূত্ৰ অনুসৰি সোধা-পোছা অব্যাহত ৰখা দলটোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ অক্ষম হয় ৰাজীৱ কুমাৰ। ইফালে, সোধ-পোছৰ সময়ত উপস্থিত আছিল ৰোজ ভেলী কেলেংকাৰীৰ তদন্তকাৰী বিষয়াসকলো। কিন্তু ৰোজ ভেলী কেলেংকাৰী বিষয়ত সোমবাৰে কোনো ধৰণৰ প্ৰশ্ন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in