নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!

নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!

হঠাৎ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই৷ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাজেন গোঁহাইক লৈ শংকাৰ সৃষ্টি হৈছে বিজেপিৰ দলীয় প্ৰাৰ্থীসকলৰ মাজত৷ কিন্তু কিহৰ এই শংকা? দুদিনতে কিয় সন্ত্ৰাসৰ কাৰণ হৈ পৰিল ৰাজেন গোঁহাই? অসমীয়া প্ৰতিদিনৰ ডিডিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন৷

পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা এতিয়া চৌদিশে৷ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বাঢ়িছে নিৰ্বাচনী প্ৰচাৰৰ৷ সভাপতি, সদস্য সকলো পদৰ প্ৰাৰ্থীয়ে এতিয়া নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে উঠিপৰি লাগিছে৷ তাৰ সমান্তৰালকৈ ছপা কৰি উলিয়াইছে প্ৰচাৰ বেনাৰ, ফ্লেস্ক, প্ৰচাৰ পত্ৰ৷ দলৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে নিজৰ ফটো আঁৰি লিখিছে- 'আগন্তক পঞ্চায়ত নিৰ্বাচনত অমুক দলৰ অমুক পদৰ প্ৰাৰ্থী অমুকক অমুক ছবিত ভোট দি জয়যুক্ত কৰক৷'

কিন্তু বিজেপিৰ বাবে ইয়াতেই লাগিছে কেৰোণ৷ কেৰোণ লগাৰ কাৰণ আন কোনো নহয়, ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই৷ নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইক লগত লৈ এতিয়া নগাঁওৰ কোনো এজন বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মান্তি নহয়৷ কিয়নো তেওঁলোকে ইতিমধ্যেই বুজি পাইছে মন্ত্ৰী ৰাজেন গোহাঁইক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলালে তেওঁলোকৰ হিতে বিপৰীত হ'ব পাৰে৷

কিছু দিনৰ পূৰ্বে ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ৷ এই অভিযোগৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে আদালতত৷ যৌন নিৰ্যাতনৰ গোচৰ চলিব মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে৷ মন্ত্ৰীগৰাকীৰ এই বিনষ্ট ভাৱমূৰ্তিৰ প্ৰভাৱ যাতে প্ৰাৰ্থীসকলৰ ওপৰত নপৰে সেয়ে সচেতন হৈছে তেওঁলোক৷ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ছপা কৰা পোষ্টাৰত নাই খোদ কেন্দ্ৰীয় মন্ত্ৰীজনৰ ফটো৷

কেৱল এজন বা দুজন প্ৰাৰ্থীৰ ক্ষেত্ৰতে নহয়৷ প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে ইচ্ছাকৃতভাৱে ৰাজেন গোঁহাইৰ ফটো ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে৷ এক কথাত এলাগী হৈছে দলটোৰ প্ৰাৰ্থীসকলৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী৷

এনেদৰে বিজেপি প্ৰাৰ্থীসকলে অঁৰা নিৰ্বাচনী পোষ্টাৰত এইবাৰ স্থান পোৱা নাই খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ স্থানীয় ভোটাৰৰ মাজত যাতে ৰাজেন গোঁহাইৰ ফটোৱে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সতৰ্কতা নগাঁও বিজেপি প্ৰাৰ্থীসকলৰ৷

বিৰোধী দল বোৰেও বিজেপি প্ৰাৰ্থীৰ পোষ্টাৰত ৰাজেন গোঁহাইৰ ফটো থাকিলে আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে বুলিও শংকা ব্যক্ত কৰিছে বিজেপিৰ টিকটৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকলে৷ সেয়েহে সাতে পাঁচে মিলাই পোষ্টাৰত ৰাজ্যিক বিজেপিৰ সভাপতি, মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহৰ ফটো ব্যৱহাৰ কৰিছে যদিও ব্যৱহাৰ কৰিবলৈ সাহস কৰা নাই ৰাজেন গোঁহাইৰ ফটো৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in