ঐতিহাসিক পাৰশালি বিলত ডিমৰীয়া ৰজাৰ ৰাজদৰবাৰ

ঐতিহাসিক পাৰশালি বিলত ডিমৰীয়া ৰজাৰ ৰাজদৰবাৰ

ডিজিটেল সংবাদ ডিমৰীয়াঃ মাঘৰ বিহুৰ উৰুকাৰ দিনা প্ৰাচীন ডিমৰীয়া ৰাজ্যৰ ৰজা সকলে মৎস্য চিকাৰৰ উৎসৱৰ লগতে ঐতিহাসিক পাৰশালি বিলৰ পাৰত অনুষ্ঠিত কৰি আহিছিল ৰাজদৰবাৰ।সেই পৰম্পৰা ৰক্ষা কৰি ডিমৰীয়াৰ বৰ্তমানৰ ৰজা হলিং সিং ৰংহাঙেও পাৰিষদবৰ্গক লগত লৈ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰিলে ৰাজদৰবাৰ।

ৰজাঘৰীয়া পৰিচালনা সমিতিৰ সভাপতি মদন আমচিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজদৰবাৰত ৰজাক বিভিন্ন জনে নিজস্ব পৰম্পৰাৰে আদৰনি জনায়। বিলৰ উন্নয়নৰ বিষয়ে আলোচনা হোৱা ৰাজদৰবাৰত বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ দলে নৃত্যপৰিৱেশন কৰাৰ লগতে লালিলাং পৰিৱেশন কৰা হয়।

উল্লেখ্য এই বেলি কোভিড পৰিস্থিতিৰ বাবে ঐতিহাসিক পাৰশালি মেলা বাতিল কৰা হৈছে যদিও পৰম্পৰা ৰক্ষা কৰি সীমিত সংখ্যক মাছুৱৈৰ উপস্থিতিত পূৰ্বৰ মৎস্য চিকাৰৰ পৰম্পৰা অক্ষুন্ন ৰাখে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in