আন্তঃৰাষ্ট্ৰীয় পেঞ্চাক চিলাটত গোলাঘাটৰ ৰাজদ্বীপ আলেয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক

আন্তঃৰাষ্ট্ৰীয় পেঞ্চাক চিলাটত গোলাঘাটৰ ৰাজদ্বীপ আলেয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ চিংগাপুৰত সদ্য সমাপ্ত অষ্টম মুকলি চিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় পেঞ্চাক চিলাট চেম্পিয়নচিপ, ২০১৯ ত ভাৰতীয় ২৪ জনীয়া দলটোত অসমৰ ৫ গৰাকী খেলুৱৈৰ ভিতৰত ২ গৰাকী খেলুৱৈয়ে গোলাঘাটৰ পৰা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল। উক্ত প্ৰতিযোগীতাত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ ৰাজদ্বীপ আলে ১৪ বছৰ তলৰ ৪০ কেজি শাখাত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়।

চুঙাজান সাঞ্চা মেম'ৰিয়েল ইংলিছ স্কুলৰ নৱম শ্ৰেণী ছাত্ৰ ৰাজদ্বীপ আলে গোলাঘাট জিলাৰ পেঞ্চাক চিলাট সন্থাৰ মুখ্য প্ৰশিক্ষক গগন চন্দ্ৰ বড়ো আৰু সত্যনাথ বড়োৰ ওচৰত পেঞ্চাক চিলাটৰ প্ৰশিক্ষণ লৈ আছে।ৰাজদ্বীপ আলেৰ সফলতাত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থা, গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ লগতে অঞ্চলটোৰ কেইবাটাও সংগঠনে অভিনন্দন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in