শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু…

81

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ উজানবজাৰত ৰাজভৱনৰ বাহনৰ খুন্দাত শুকুৰবাৰে এগৰাকী পথচাৰীয়ে মৃত্যু সাৱটিব লগা হয়। উল্লেখ্য যে বৃহস্পতিবাৰে উজানবজাৰত ৰাজভৱনৰ বাহন এখনে নিজ গৃহলৈ আহি থকা অৱস্থাত শৈলেন দাস নামৰ পথচাৰী গৰাকীক পিছপিনৰ পৰা খুন্দা মাৰে।

এই ঘটনাত পথচাৰী শৈলেন দাস গুৰুতৰভাৱে মূৰত আঘাতপ্ৰাপ্ত হোৱাত লতাশিল আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে যদিও শকুৰবাৰৰ দিনৰ ভাগত চিকিৎসকে চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত চিকিৎসালয়ত আই চি ইউৰ অভাৱত পথচাৰী শৈলেন দাসৰ মৃত্যু হয়।

ইফালে মৃত শৈলেন দাস ৰাজভৱনৰ সমীপৰ বনকৰ অঞ্চলৰ নিবাসী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। ঘটনা পিছতে দুৰ্ঘটনা সংঘটিত বাহনখনৰ লগতে চালকক আৰক্ষীয়ে থানালৈ লৈ আনে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি