অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ’চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু

অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ’চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সাতৰঙী ৰামধেনু সকলোৰে প্ৰিয়। সৌৱা আকাশত ৰামধেনু ওলাইছে বুলি কোনোৱাই কলেই আকাশলৈ মুৰ তুলি চোৱাটো আমাৰ পুৰণি অভ্যাস। সকলোৰে প্ৰিয় ৰামধেনুক লৈ অতীতৰে পৰা চলি আহিছে বহু উপাখ্যান। ৰামধেনুক লৈ কবিৰ কাপৰ পৰা নিগৰিছে বহু কবিতা, বহু সপোনৰ সতেও জড়িত ৰামধেনু। লোকবিশ্বাস-অন্ধবিশ্বাসো জড়িত হৈ আছে ৰামধেনুৰ সৈতে। তথাপিও সাতোৰঙী ৰামধেনু সকলোৰে প্ৰিয়।

সচৰাচৰ দেখি থকা ৰামধেনুৰ সৃষ্টি কেনেদৰে হয়, সেয়া আমি সকলোৱে জানো। কিন্তু ৰামধেনুখন যদি ওলোটাকৈ আকাশত ওলায়? বুধবাৰে বঙাইগাঁৱৰ আকাশত ওলোটাকৈ ৰামধেনু ওলোৱাৰ পিছতে ওলোটা ৰামধেনু প্ৰত্যক্ষ কৰি একাংশই হতবাক হৈ পৰে। কস্মিনকালেও ওলোটা ৰামধেনু প্ৰত্যক্ষ নকৰা লোকসকল ওলোটা ৰামধেনু প্ৰত্যক্ষ কৰি প্ৰকৃতি ৰুষ্ট হৈছে বুলি মন্তব্য কৰাৰ লগতে কৌতুহলী হৈ পৰে। বহুতেই ছছিয়েল মিডিয়াত ওলোটা ৰামধেনু ফটো, ভিডিঅ' আপলোড কৰাত ছ'চিয়েল মিডিয়াত নেটিজেনসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা যায় আৰু কিছুমানে এয়া অশনি সংকেত বুলি মন্তব্য কৰিছে। ওলোটা ৰামধেনু তেওঁলোকৰ জীৱনত এয়াই প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰা বুলিও বহুতেই দাবী কৰিছে।

আচলতে সূৰ্যৰ পোহৰে সুউচ্চ মেঘৰাশিৰ বৰফৰ স্ফটিকৰ মাজেৰে তথা হীৰাৰ দৰে ছয়পিঠিয়া স্ফটিকৰ মাজেৰে সূৰ্যৰ বিচ্ছুৰিত পোহৰ প্ৰতিসৰণৰ কৰিলে ওলোটা ৰামধেনুৰ সৃষ্টি হয়। এয়া কোনো আলৌকিক ঘটনা নহয়, যদিও কোৰোনাতংকৰ মাজতে ওলোটা ৰামধেনু প্ৰত্যক্ষ কৰি একাংশই ৰুষ্ট প্ৰকৃতিয়ে সংহাৰ চলাব পাৰে বুলি মন্তব্য কৰিছে। প্ৰকৃততে ওলোটো ৰামধেনুত সূৰ্যৰ অৱস্থান, মেঘৰাশিৰ স্থিৰতা আদি কাৰকো ইয়াৰ সৈতে জড়িত হৈ থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in