উত্তৰ পুৱ সীমান্ত ৰে’লৱেৰ ৰে’ল চলাচলত সাল-সলনি

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • উত্তৰ পুৱ সীমান্ত ৰে'লত কিছু সাল সলনি।
  • ১৯ মাৰ্চৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ গুৱাহাটী ষ্টেচনৰ পৰিৱৰ্তে কামাখ্য ষ্টেচনৰ পৰা চলাচল কৰিব।
  • পূৰ্বে গুৱাহাটী ষ্টেচনৰ পৰা নতুন দিল্লীলৈ চলাচল কৰিছিল নৰ্থ ইষ্ট এক্সপ্ৰেছ।
  • এতিয়াৰে পৰা নতুন দিল্লীৰ পৰা অহা নৰ্থ ইষ্ট এক্সপ্ৰেছ গুৱাহাটী ষ্টেচনৰ পৰিৱৰ্তে কামাখ্য ষ্টেচনতেই ৰ'ব বুলি জানিবলৈ পোৱা গৈছে।
  • অৱশ্যে কামাখ্য ষ্টেচনৰ পৰা পূৰ্বৰ সময় সুচী মতেই চলাচল কৰিব ৰে'লখন।
  • গুৱাহাটী ষ্টেচনৰ অতিৰিক্ত বোজা লাঘবৰ বাবে এই সিদ্বান্ত লৈছে ৰে'ল বিভাগে।
  • উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জানিবলৈ দিছে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in