শনিবাৰলৈ দেশত চলিল ২৫০০খনৰো অধিক বিশেষ শ্ৰমিক ট্ৰেইনঃ ৰে’ল বিভাগ…

শনিবাৰলৈ দেশত চলিল ২৫০০খনৰো অধিক বিশেষ শ্ৰমিক ট্ৰেইনঃ ৰে’ল বিভাগ…

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি জাৰি কৰা হৈছে লকডাউন। ইফালে, লকডাউনৰ সময়ত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক স্বৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ৰে'ল চলাচলৰ অনুমতিও প্ৰদান কৰিছিল।

উল্লেখ্য যে, ৰেল বিভাগে সদৰী কৰিছে যে, শনিবাৰলৈ ২৫৭০খনকৈ বিশেষ শ্ৰমিক ৰে'ল চলাচল কৰা হৈছে দেশত। ইয়াৰে প্ৰায় ৮০ শতাংশ ৰে'লেৰে বিহাৰ আৰু উত্তৰপ্ৰদেশলৈ কঢ়িয়াই নিয়া হৈছে শ্ৰমিকসকলক। ইফালে, ৰেলৱে বৰ্ডৰ শ্বেয়াৰমেন ৱহিকে যাদৱে এক সংবাদমেলত সদৰী কৰিছে যে- যোৱা চাৰিদিন ধৰি প্ৰায় ২৬০খনকৈ বিশেষ শ্ৰমিক ৰেলেৰে ৩.৫ লাখ প্ৰবাসীক প্ৰতিদিনাই নিজ নিজ গন্তব্য স্থানলৈ পঠিওৱা হৈছে।

শ্ৰমিক ৰে'ল সমূহৰ ভিতৰত বৰ্তমানলৈ ৩১.৩ শতাংশ বিহাৰ, ৪৮.৫ শতাংশ উত্তৰপ্ৰদেশ, ৪.৮ শতাংশ ঝাৰখণ্ড, ৪.৪ শতাংশ মধ্যপ্ৰদেশ, ২.৮ শতাংশ ওড়িশ্যা, ০.৭ শতাংশ অসম, ০.৬ শতাংশ জম্মু-কাশ্মীৰ আৰু বাকী ৫.৩ শতাংশ ৰেল অন্য ৰাজ্যলৈ শ্ৰমিক কঢ়িয়াই নিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in