শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে…

760

ডিজিটেল ডেস্কঃ ‘কথাত বঁটা পায়, কথাত কটা যায়’ এই কথাষাৰেই যেন প্ৰযোজ্য হল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ক্ষেত্ৰত। ৰাফেল চুক্তিৰ প্ৰসংগত কৰা মন্তব্যৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা কৰে ৰাহুল গান্ধীয়ে। চকীদাৰেই চোৰ শীৰ্ষক মন্তব্যৰে বিজেপি তথা মোডী চৰকাৰক সমালোচনা কৰি হলঠেঁকত পৰিল ৰাহুল গান্ধী।

কিছুদিনৰ পূৰ্বে এক সংবাদমেলত তেওঁ মন্তব্য কৰিছিল যে এতিয়া উচ্চতম ন্যায়ালয়েও চকীদাৰেই চোৰ এই কথা মানি লৈছে। ৰাহুল গান্ধীৰ এই মন্তব্য পাইছিলগৈ আদালতৰ মজিয়া । বিজেপিৰ সাংসদ মীনাক্ষী লেখিয়ে আদালত অৱমাননাৰ অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ গৈ ৰাহুল গান্ধীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ আৱেগতে তেও এনে মন্তব্য কৰিছিল।

সোমবাৰে বিজেপি সাংসদ মীনাক্ষী লেখিৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ন্যায়াধীশ মণ্ডলীয়ে স্পষ্ট কৰি দিয়ে যে আদালতে প্ৰধানমন্ত্ৰী সন্দৰ্ভত এনে কোনো বিশেষ মন্তব্য কৰা নাছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে আদালতৰ ভাষ্য ভুলকৈ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আদালতে ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি