প্ৰধানমন্ত্ৰী অনিল আম্বানীৰহে চকীদাৰঃ ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী অনিল আম্বানীৰহে চকীদাৰঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী দলসমূহ। শনিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিহাৰৰ পুৰ্ণিয়াত সম্বোধন কৰে এক জনসভা। প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে। বিজেপিৰ 'ময়ো চকীদাৰ' প্ৰচাৰৰ বিৰুদ্ধে মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয়- 'প্ৰথমে কৈছিল মই প্ৰধানমন্ত্ৰী হোৱাৰ পাছত যি বিচাৰে তাকেই পাব। এতিয়া কৈছে, আমি সকলো চকীদাৰ। চকীদাৰ ধনী মানুহৰ ঘৰত থাকে নে দুখীয়াৰ? তেওঁ চকীদাৰ কিন্তু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ নহয়, অনিল আম্বানীৰহে চকীদাৰ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in