অমিত শ্বাহৰ টেবুলত ফাইল! ৰাহুল গান্ধী-ছোনীয়া গান্ধী নহয় ভাৰতীয় নাগৰিকঃ দাবী সুব্ৰমণিয়াম স্বামীৰ

অমিত শ্বাহৰ টেবুলত ফাইল! ৰাহুল গান্ধী-ছোনীয়া গান্ধী নহয় ভাৰতীয় নাগৰিকঃ দাবী সুব্ৰমণিয়াম স্বামীৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সন্মুখত আন এক সংকট। দলটোৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে হেৰুৱাব ভাৰতীয় নাগৰিকত্ব। অমিত শ্বাহৰ টেবুলত আছে এই সম্পৰ্কীয় ফাইল। এই বিস্ফোৰক দাবী বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ।

হায়দৰাবাদত 'কা' ৰ সপক্ষে আয়োজন কৰা এক বক্তৃতা অনুষ্ঠানত অংশ লৈ এই কথা সদৰী কৰিলে বিজেপি নেতাগৰাকীয়ে। উল্লেখযোগ্য যে, ২০১৫ চনৰ পৰাই ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্নৰ উত্থাপন হৈছিল। পিতৃ ৰাজীৱ গান্ধী ভাৰতীয় নাগৰিক হোৱাৰ সূত্ৰে ৰাহুল গান্ধীয়ে জন্মসূত্ৰেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল।

শেহতীয়াকৈ সদৰী হোৱা তথ্য অনুসৰি ব্যৱসায়ৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে গ্ৰহণ কৰিছিল ইংলেণ্ডৰ নাগৰিকত্ব। নাগৰিকত্ব আইন অনুসৰি ভাৰতত নাই দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা। সেয়েহে কোনো এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগে লগে ভাৰতীয় নাগৰিকত্ব হেৰুৱায়্ সংশ্লিষ্ট লোকজনে।

ইফালে ৰাহুল গান্ধীৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীৰ আছে ইটালীৰ নাগৰিকত্ব। এনে পৰিস্থিতিত গান্ধী পৰিয়ালৰ এই দুই সদস্যই অচিৰেই ভাৰতীয় নাগৰিকত্ব হেৰুৱাব বুলি দাবী কৰিছে স্বামীয়ে।

তেওঁ প্ৰকাশ কৰা মতে, গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত উত্তৰ বিচাৰি যোৱা ৩ বছৰে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰি আছে জাননী। মন কৰিবলগা যে, এটা বৃটিছ কোম্পানী 'বেক অপছ'-এ তেওঁলোকৰ নথি পত্ৰত ৰাহুল গান্ধী বৃটিছ নাগৰিক বুলি উল্লেখ কৰাৰ পিছতে ৰাহুল গান্ধীয়ে বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছিল।

এই সন্দৰ্ভত অধিবক্তা এম এল শৰ্মাই ২০১৫ চনৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছিল। অধিবক্তাগৰাকীয়ে এই বিষয়টো তদন্তৰ বাবে চিবিআইক দিয়াৰ দাবী জনাইছিল। লোকসভাতো বিষয়টো উত্থাপন কৰিছিল বিৰোধী সাংসদে। সেই সময়ত লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত তদন্তৰ বাবে বিজেপিৰ নেতা তথা সেই সময়ৰ সাংসদ এল কে আদৱানীৰ নেতৃত্বত এখন এথিকছ কমিটী গঠন কৰি দিছিল।

সেই কমিটীয়েও ৰাহুল গান্ধীৰ পৰা উত্তৰ বিচাৰি জাননী জাৰি কৰিছিল যদিও ইয়াৰ কোনো প্ৰত্যুত্তৰ অহা নাছিল। এইখিনিতে মন কৰিবলগা যে, সুমিত্ৰা মহাজনে গঠন কৰি দিয়া এই কমিটীখনে পৰৱৰ্তী সময়ত কোনো বৈঠকেই অনুষ্ঠিত নকৰিলে। ২০১৯ চনৰ ৩০ এপ্ৰিলত শেহতীয়াকৈ ৰাহুল গান্ধীলৈ পুনৰ জাননী প্ৰেৰণ কৰিছিল গৃহ মন্ত্ৰণালয়ে। সুব্ৰমণিয়াম স্বামীৰ অভিযোগৰ ভিত্তিত প্ৰেৰণ কৰা হৈছিল এই জাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in