শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO

140

ডিজিটেল সংবাদ, ৰহাঃ এক মাৰ্চত মুকলি কৰা হ’ব বহু বিতৰ্কিত ৰহাৰ টোলগেট। ইতিমধ্যে নিশ্চিত হৈছে এই কথা। টোল সংগ্ৰহৰ দায়িত্ব কাইনেটিক নামৰ অসমৰ এটা কোম্পানীক অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। টোলগেট মুকলি কৰিবলৈ নগাওঁ জিলা প্ৰশাসনেও তীব্ৰ তৎপৰতা লৈছে।

ইপিনে ১ মাৰ্চৰ পৰা টোলগেট মুকলি কৰিব বুলি খবৰ লাভ কৰি পুনৰ সোচ্চাৰ হৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি। দুয়োটা সংগঠনৰ দাবী টোলগেটৰ যাৱতীয় সা-সুবিধা তথা পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে আৰু তেওঁলোকে যি ত্ৰিপাক্ষিক বৈঠকৰ দাবী কৰিছে তথা চৰ্ত পূৰণ নোহোৱালৈকে টোলগেট কোনো কাৰণতে খুলিব দিয়া নহ’ব বুলি হুংকাৰ দিছে।

উল্লেখ্য যে, চৰকাৰে তৃতীয়বাৰলৈ টোলগেট মুকলি কৰিবলৈ যো-জা চলোৱাত যোৱা ২২ ফেব্ৰুৱাৰীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত যুৱ ছাত্ৰ পৰিষদে টোলগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তেওঁলোকৰ কেইবাটাও দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ লগতে চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পৰিষদৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ দাবী কৰিছিল।

কিন্তু ইয়াৰ কোনো আলোচনা নোহোৱাকৈয়ে চৰকাৰে ১মাৰ্চৰ পৰা টোলগেটটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। সেয়ে পুনৰ জাঙুৰ খাই উঠিছে এজেৱাইচিপি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টোলগেট মুকলি কৰাত পুনৰ বাধা দিব বুলি হংকাৰ দিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি