ৰহাত অভিনন্দন অনুষ্ঠান, শিক্ষকসকলে ভক্তিভাবেৰে শিক্ষাদান কৰকঃ প্ৰহ্লাদ মছৰং

ৰহাত অভিনন্দন অনুষ্ঠান, শিক্ষকসকলে ভক্তিভাবেৰে শিক্ষাদান কৰকঃ প্ৰহ্লাদ মছৰং



ডিজিটেল সংবাদ, ৰহাঃ ১নং ৰহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত বুধবাৰে সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী তথা গুনোৎসৱত 'এ' আৰু 'এ প্লাছ' গ্ৰেড পোৱা কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ প্ৰায় ২বজাত কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত তথা ৰহাচকীস্থিত ৰহাচকী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়ত্ৰী লাবণ্য দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠানটি৷

ৰহা কৰ্মচাৰী পৰিষদ তথা ১নং ৰহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক তথা শিক্ষক-সাংবাদিক লক্ষীপ্ৰসাদ ডেকাই আতধৰা অনুষ্ঠানটিত সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী ছাত্ৰী টেনিছা নাথ (৭৮%), নিহাৰ দাস (৭৩%) আৰু অনন্যা বিদ্যাভাৰতীক কেন্দ্ৰৰ তৰফৰ পৰা ফুলাম জাপি, গামোচা ,কিতাপৰ টোপোলা আদিৰে অভিনন্দন জনোৱাৰ লগতে শেহতীয়া গুণোৎসৱত 'এ' আৰু 'এ প্লাছ' গ্ৰেড পোৱা কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰী ক্ৰমে অনুপ্ৰভা দেৱী, কুঞ্জলতা কাকতি, নব কুমাৰ নাথ, লক্ষীপ্ৰভা হাজৰীকা, মিত্ৰ ৰাজখোৱা, ইন্দ্ৰমোহন দাস, ৰিমঝিম শইকীয়া, ৰাধিকা শইকীয়া, বিজু শৰ্মা, আৰাধনা দাস আৰু কৰুণা কাকতিক ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়৷

উল্লেখ্য যে, সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিওগৰাকী কৃতী ছাত্ৰীৰ পিতৃ-মাতৃ ১নং ৰহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰীৰূপে কৰ্মৰত। উপোৰক্ত অনুষ্ঠানতে গুৱাহাটীৰ ষ্টেট বেংক অৱ ইণ্ডিয়া লাইফৰ দুজন বিষয়া ক্ৰমে লক্ষ্যধৰ ডেকা আৰু মনজিত হালৈ উপস্থিত থাকি এছ বি আই লাইফৰ বিভিন্ন আচনিৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰে৷

অনুষ্ঠানত উপস্থিত থকা সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰহ্লাদ মছৰঙে নিজৰ ভাষণত বিদ্যালয়সমূহৰ আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে বিদ্যালয়ত পৰ্যাপ্ত পৰিমানে শিক্ষকৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীক ভক্তিভাবেৰে শিক্ষাদান কৰিবলৈ আহ্বান জনায়৷

সম্পাদক লক্ষীপ্ৰসাদ ডেকাৰ সামৰণি ভাষনৰে অন্ত পৰা অনুষ্ঠানটিত উপস্থিত থাকে ৰহাচকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিত্ৰ ৰাজখোৱা, ৰাধিকা শইকীয়া, সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰহ্লাদ মছৰং, আছুৰ ৰহা আঞ্চলিকৰ সভাপতি সঞ্জয় কাকতি, এ জে ৱাই চি পিৰ ৰহা আঞ্চলিকৰ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱা, সম্পাদক নীলুৎপল হাজৰীকা, উপদেষ্টা ৰূপক বৰা, কবি প্ৰেমনাৰায়ন নাথ, ৰহাৰ সাংবাদিক ক্ৰমে বুলন নাথ, সুভাষ ডেকা, চয়েল খেতান, পলাশ হাজৰীকা, কুঞ্জ কাকতি আদিৰ লগতে ৰহা কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in