ৰহাত ৰাভা দিৱস পালন, VIDEO

ৰহাত ৰাভা দিৱস পালন, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ উদ্যোগত আৰু অকণিৰ কবিতা ঘৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ৰহাত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় কলাগুৰু বিষ্ণু ৰাভা দিৱস। পুৱা কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হয় অনুষ্ঠান।

ইয়াৰ পিচতে বিষ্ণু ৰাভাৰ গীতে মাতে মুখৰিত হৈ পৰে ৰহা। অনুষ্ঠানত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা আৰু বিয়লিলৈ মুকলি সভা অনুষ্ঠিত কৰা হয়।

মুকলি সভাত বিধায়িকা আঙুৰলতা ডেকা, স্থানীয় বিধায়ক ডিম্বশ্বৰ দাস, সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ অনুষ্ঠানত বহুতো ছাত্ৰ-ছাত্ৰীয়ে না না অনুষ্ঠান পৰিৱেশন কৰে। বিষ্ণু ৰাভাৰ অমৰ সৃষ্টিৰাজি কণ কণ শিশুসকলে তুলি ধৰা দেখিবলৈ পোৱা গ'ল এই অনুষ্ঠানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in