ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতাত পদক বিজয়ী গংগোত্ৰীক বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতাত পদক বিজয়ী গংগোত্ৰীক বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ,ৰহাঃ ৰাজস্থানৰ জয়পুৰত যোৱা ২৯ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে অনুস্থিত হৈ যোৱা ৭১তম ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ ৰূপৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰহাৰ কটহগুৰিৰ মিহিৰাম বৰদলৈ আৰু ইৰামনি বৰদলৈৰ কন্যা গংগোত্ৰী বৰদলৈক শুকুৰবাৰে ৰহা তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুস্থিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ মচৰঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গংগোত্ৰীক তেওঁৰ সফলতাৰ বাবে তিৱা ছাত্ৰ সন্থা,ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতি,অকনিৰ কবিতা ঘৰ,ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি,তিৱা মহিলা পৰিষদে ফুলাম গামোচা ,ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

তিৱা সাহিত্য সভাৰ ৰহা আঞ্চলিকৰ সম্পাদক ৰাজেন গাওঁখোৱাই আত ধৰা অনুষ্ঠানটোত ৰহাৰ কন্যাগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰা ৰহাবাসীৰ হৈ জাতীয় সংগঠনসমূহে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতে অধিক সফলতাৰ বাবে চৰকাৰৰ পৰা বৈষম্যহীন ভাৱে সাহাৰ্য প্ৰদান কৰাৰ বাবে সকলো দল -সংগঠনে আহ্বান জনায় । অনুস্থানত সকলো বোৰ দল -সংগঠনৰ সভাপতি সম্পাদক আৰু বহু সদস্যৰ লগতে অঞ্চলৰ প্ৰায় দুই শতাধিক লোক উপস্থিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in